ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড় : নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ চলিত অধিবেশনতে গৃহীত কৰিবলৈ যো জা চলোৱাৰ সময়ত একালত জাতীয় নায়কৰ সন্মানেৰে বিভূষিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰূদ্ধে টু শব্দ এটাও উচ্চাৰণ কৰিবলৈ সাহস নকৰাত সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলিছে। ৰাজ্যখনৰ জাতীয় দল সংগঠনৰ কেব বিৰোধী আন্দোলনক নস্যাত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ ওচৰত আঁঠু লোৱা কাৰ্য কোনোৱে সহজভাবে গ্ৰহণ কৰা নাই। কেব বিৰোধী আন্দোলনে ৰাজ্য কঁপাই থকাৰ সময়তে আজি নিজ বাসগৃহৰ সন্মুখতে মুৰ্দাবাদ ধ্বনিৰ সন্মুখীন হ’ব লগা হয় মুখ্যমন্ত্রীগৰাকী।
মুখ্যমন্ত্ৰীৰ মুলুক গাঁওস্থিত ঘৰৰ সন্মুখত আছু – মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে ৩০ সংগঠনে আজি মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী সোনোৱালৰ নিজা ভটিজাক কাবেৰী সোনোৱালৰ বিবাহ অনুষ্ঠান উপলক্ষে বিন্ধাকটা বাসগৃহত সোনোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেইবাজনো বিধায়ক সহ উপস্থিত থকাৰ সময়তে পৰিবেশ উত্তাল কৰে কেব বিৰোধী শ্লোগানেৰে।এসময়ৰ ছাত্ৰ ৰাজনীতিৰে বিশ্ববিদ্যালয়খনত সুকীয়া খ্যাতি থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বিশ্ববিদ্যালয়তে আজি জাতীয় নায়কৰ পৰিবৰ্তে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ দ্বাৰা দিয়া হ’ল জাতীয় “খলনায়ক উপাধি।”
ছাত্ৰ একতা সভাৰ অভিযোগ যে -বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা সৰ্বা,কামাখ্যা,তপন ঋতুপৰ্ণই এতিয়া বিধেয়ক গৃহীতৰ পক্ষত থিয় দি জাতিটোৰ লগতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ গৰিমাতো কালিমা সানিছে।যাৰ বাবে লজ্জিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ।
সেয়ে এইদৰে প্ৰতিবাদ আৰু নিষিদ্ধৰে এনে কাৰ্যৰ তীব্ৰ বিৰোধিতাত নামি পৰিল বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা।বিশ্ববিদ্যালয়ৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথতেই সকলোৰে চকুত পৰা কৈ আঁৰিলে মুখ্যমন্ত্ৰীৰ নিষিদ্ধ ঘোষণাৰ বৃহৎ বেনাৰ।
কেৱল প্ৰৱেশ পথেই নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিটো অধ্যয়ন কেন্দ্ৰ,বিভাগৰ বাটে বাটে, সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰ শ্লোগান সম্বলিত পষ্টাৰ, ফেষ্টুন উলমাই সাব্যস্ত কৰিলে প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সমূহ মহাবিদ্যালয় শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীকো নিজ নিজ শিক্ষানুষ্ঠানত বিজেপিৰ নেতা পালি নেতাৰ প্ৰবেশত বাধা দিবলৈ আহ্বান জনাই কেবৰ বিৰুধীতা কৰিবলৈ আহ্বান জনাইছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই। উল্লেখ্য যে পূৰ্বেও কেব গৃহিতৰ বিৰুধীতাৰে আন্দোলন চলোৱা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই কেব গৃহিতৰ বিষয় থমকি ৰওঁতে আন্দোলন অস্থায়ীভাৱে স্থবিৰ কৰিছিল যদিও পুনৰ চৰকাৰে এই আইন গৃহিতৰ পক্ষত থিয় হ’লেই আকৌ আন্দোলন আৰম্ভ হোৱাৰ হুংকাৰ দিছিল ছাত্ৰ একতা সভাই।তাৰেই পৰিণতিত পুনৰ কেবৰ বিৰুদ্ধে জুই জ্বলি উঠিছে উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।