ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং: পৱিত্ৰ বৰদিনলৈ মাজত মাথো কেইটিমান দিন বাকী ৷ তাকে লৈ সম্প্ৰতি খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলৰ মাজত আৰম্ভ হৈছে বৰদিনৰ আনন্দ উলাহ ৷ পহিলা ডিচেম্বৰৰ দিনটোৰ পৰাই আৰম্ভ কৰিছে বৰ দিনক আদৰাৰ বিভিন্ন কায্যসূচী ৷ ২৫ ডিচেম্বৰৰ দিনটোতে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ধৰাত জন্ম গ্ৰহণ কৰিছিল প্ৰভু যীচুৰ খ্ৰীষ্ট ।সেয়ে উক্ত দিনটোক খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোক সকলে বিশেষ দিন তথা আশীৰ্বাদ প্ৰাপ্তিৰ দিন হিচাপে পালন কৰি আহিছে । সমগ্র বিশ্বৰ লগতে ৰাজ্যখনৰ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’তো দিনযোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে পালন কৰে প্ৰাক্ বৰদিন। সমূহীয়াকৈ একত্ৰিত হৈ প্ৰভু যীচু খ্ৰীষ্টক প্রার্থনা কৰাৰ লগতে যীচুৰ শান্তি আৰু মানৱতাৰ বানীৰ বিলোৱাৰ উপৰিও যুৱক যুৱতী-মহিলা সকলে প্ৰভু যীচুৰ সুমধুৰ গীত মাত পৰিবেশন কৰি গীতৰ তালে তালে বিভিন্ন নৃত্যও পৰিবেশন কৰি প্ৰাক্ বৰদিনৰ সামগ্ৰিক পৰিবেশ উৎসবমূখী কৰি তুলে ।