ASSAM TIMES POST
“মৰম”ৰ প্ৰতি ৰাইজে উপচালে অপৰিসীম মৰম
জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শুভাৰম্ভ কৰে এই পদক্ষেপে
শিৱসাগৰ: শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ অভাৱগ্ৰস্তৰ অভাৱ পূৰণৰ অৰ্থে সহানুভূতি আৰু সহমৰ্মিতা প্ৰকাশৰ বাবে “Soulful Sivasagar” অভিযানৰ অন্তৰ্গত “মৰম” নামৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। স্থানীয় আৱৰ্ত ভৱনত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আজি পুৱা শুভাৰম্ভ কৰা এই পদক্ষেপে আজি প্ৰথম দিনাই স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত আৰু অফুৰন্ত সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।
Soulful Sivasagar -ৰ নৱতম পদক্ষেপ “মৰম” উদ্বোধন কৰি উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই সকলো ৰাইজক নিজৰ ঘৰত প্ৰয়োজনতকৈ বেছি থকা বা অব্যৱহৃত অথচ পৰিস্কাৰ সামগ্ৰী যেনে, কাপোৰ, গৰম চোলা, জোতা, কিতাপ-বহী আদি স্বেচ্ছাৰে আগবঢ়াই প্ৰশাসনৰ এই যাত্ৰাত সহযোগ কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে ৰাইজে ইচ্ছা কৰিলে নতুন সামগ্ৰী ক্ৰয় কৰিও আগবঢ়াবা পাৰে বুলি তেওঁ কয়। “মৰম”ৰ উদ্যোগত দয়া বা দানৰ ভাৱেৰে নহয় আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰি উপায়ুক্ত গৰাকীয়ে সকলোকে প্ৰশাসনৰ এই আন্তৰিক প্ৰচেষ্টাৰ সৈতে জড়িত হ’বলৈ উৎসাহ যোগায়। এখন সুন্দৰ পৃথিৱী গঢ়াৰ বাবে আমি এজনে আনজনৰ প্রতি মৰম, আন্তৰিকতা, আৰু সহানুভূতি ৰখাটো নিতান্তই প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।
উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই আৱৰ্ত ভৱন চৌহদতে “মৰম”ৰ উদ্যোগত সংগ্ৰহ কৰা সামগ্ৰী সমূহ জমা ৰাখিব পৰাকৈ “মৰম”ৰ স্থায়ী সংগ্ৰহ কক্ষ এটিও আনুষ্ঠানিক ভাৱে মুকলি কৰে। সংগ্ৰহ কৰা সামগ্ৰী সমূহ অভাৱগ্ৰস্তৰ মাজত যথাৰীতি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব।“মৰম” পদক্ষেপৰ প্ৰতি ৰাইজৰ ইতিবাচক আৰু বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকীয়ে সকলো ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰাৰম্ভিক পৰ্য্যায়ত এই পদক্ষেপৰ মাধ্যমেৰে শিৱসাগৰৰ নগৰ অঞ্চলত, বিশেষকৈ ১৪ খন ৱাৰ্ডত এক বাহনৰ যোগেৰে ৰাইজৰ পৰা এইসমূহ সামগ্ৰী সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে । পৰবৰ্তী পৰ্য্যায়ত গ্ৰাম্যাঞ্চলটো এই প্ৰচেষ্টা সম্প্ৰসাৰণ কৰা হ’ব। নগৰ অঞ্চলৰ পৰা সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত আশাকৰ্মী সকলে প্ৰত্যক্ষ সহযোগিতা আগবঢ়াব। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱী সকলেও এই ক্ষেত্ৰত সহায় কৰিব।
আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে- জুনুমণি সোনোৱাল, মুন গগৈ, বিদিত দাস, পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋতুৰাজ বৰদলৈ, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্ত, জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ গাননিক মৃদুল বৰুৱা, বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিষয়-ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।