ASSAM TIMES POST
গুৱাহাটীঃ শনি আৰু দেওবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ৪০ টা মূল্যবান মূৰ্তি আৰু বয়-বস্তু উদ্ধাৰত সফলতা অৰ্জন কৰা ১৫ গৰাকী আৰক্ষী আৰু এছডিআৰএফৰ জোৱানলৈ আৰ্থিক পুৰস্কাৰ আগবঢ়াইছে ৰাজ্যৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। সেই অনুসৰি, গুৱাহাটীৰ লতাশিল থানাৰ অ’চি ইন্সপেক্টৰ উপেন কলিতালৈ ১০ হাজাৰ টকা আগবঢ়োৱা হৈছে। একে থানাৰে ডব্লিউএছআই (পি) সুচিত্ৰ বিশ্বাস আৰু এছআই (পি) মানছিং টেৰণলৈ ৭ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে। সমান্তৰালভাৱে, লতাশিল থানাৰ ইউবিচি গৌতম দাস আৰু দীপক লহকৰলৈ ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে। থানাখনৰ হ’ম গাৰ্ড চান্দ মহম্মদ আলীলৈ ৩ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে। ইফালে, এছডিআৰএফৰ এছচি নৱজ্যোতি বৰা আৰু ছাব অফিচাৰ চন্দ্ৰ কুমাৰ মণ্ডললৈ ৭ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে। একেদৰে এছডিআৰএফৰ দিলীপ ওৰাং, জয় কৃষ্ণণ তাঁতী, দীপাংকৰ বৰা, বিশ্বজিত শইকীয়া, প্ৰাণজিত তালুকদাৰ, সুকুমাৰ শালৈ আৰু কংকন কলিতালৈ ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে।