ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নেতৃত্বই নিৰ্বিকাৰ ভূমিকা পালন কৰা কাৰ্যত অতিষ্ঠ হৈ দেওবাৰে গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ সদৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰেহি কটন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫০ জন শিক্ষাৰ্থীয়ে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কেইবাজনো প্ৰাক্তন বিষয়ববীয়াৰ নেতৃত্বত অহা শিক্ষাৰ্থীৰ দলটোৱে অগপৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত শুই-শুই প্ৰতিবাদ সাব্যস্ত কৰে। এটা সময়ত প্ৰতিবাদী শিক্ষাৰ্থীসকলে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদী শিক্ষাৰ্থীসকলে সংবাদ মাধ্যমত কয় যে ৮৫৫ জন শ্বহীদৰ স্মৃতি বিজড়িত দলটোৰ বৰ্তমানৰ নেতৃত্বই বিধেয়কখনক লৈ আপোচ কৰিছে। প্ৰতিবাদকাৰীসকলে অগপ নেতৃত্বক মিত্ৰজোঁটৰ চৰকাৰৰপৰা পুনৰ পদত্যাগ কৰি জাতীয় দায়বদ্ধতা প্ৰতিপন্ন কৰিবলৈ দাবী জনায়।