ASSAM TIMES POST
পুনেঃ দীৰ্ঘ-কালীন ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে ভাৰতে। অবিশ্বাস্য যেন লাগিলেও শেহতীয়াভাৱে প্ৰকাশিত এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। পুনেৰ নভ’ নৰডিস্ক এডুকেশ্যন ফাউণ্ডেচন নামৰ সংস্থাটোৱে এই প্ৰতিবেদনখন প্ৰকাশ কৰিছে। সংস্থাটোৰ ‘ইম্পেক্ট ইণ্ডিয়াঃ ১০০০-ডে’ চেলেঞ্জ’ শীৰ্ষক কাৰ্যক্ৰমৰ অধীনত ভাৰতৰ ডাইবেটিছ কেয়াৰ সূচকাংকৰ প্ৰথম বছৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পুনেত দীৰ্ঘ-কালীন ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে মাপক HbA1c লেভেল ৮.১৫ শতাংশৰপৰা ৮.১৩ শতাংশলৈ হ্ৰাস পাইছে। এই HbA1c পৰীক্ষাই শেহতীয়া তিনি মাহৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ গড় লেভেল সম্পৰ্কত এটা ধাৰণা দিব পাৰে। এই সমীক্ষাত পুনেৰ ১৫ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ৫৫ বছৰ। ইয়াৰে ৫৫ শতাংশ পুৰুষ আৰু ৪৫ শতাংশ মহিলা। এই প্ৰতিবেদনখনিৰ ওপৰত ভিত্তি কৰি চেল্লাৰাম ডায়েবেটিছ ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া এজি উন্নিকৃষ্ণণে কয় যে পুনেৰ ডায়েবেটিছ ৰোগীসকলৰ গড় HbA1c লেভেল হ্ৰাস পোৱা কথাটোৱে তেওঁলোকে যে ইয়াক নিৰ্মূলৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে, সেই কথাটোকে প্ৰতিপন্ন কৰিছে। ৰোগীসকলে সুখাদ্য গ্ৰহণ কৰাৰ লগতে নিয়মিত ব্যায়াম কৰিছে আৰু সময়মতে ঔষধ খাইছে আৰু ব্লাড চুগাৰ নিৰীক্ষণ কৰিছে। তেওঁ ডায়েবেটিছ নিয়ন্ত্ৰণৰ অৰ্থে অধিক সজাগতাৰ পোষকতা কৰে। এই কাৰ্যক্ৰম সম্পৰ্কত চিকিৎসা বিশেষজ্ঞ আৰু নভ’ নৰডিস্ক এডুকেশ্যন ফাউণ্ডেচনৰ ন্যাসৰক্ষী অনিল সিন্ধেয়ে জনাই যে তেওঁলোকে সংস্থাটোৰ জৰিয়তে অহা ১০০ বছৰলৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। শীঘ্ৰেই দেশজুৰি ইয়াক নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা সদৰী কৰি তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আদৰ্শ দেশ হৈ উঠিব। ইয়াৰ জৰিয়তে ডায়েবেটিছৰ ৰাজধানী বুলি ভাৰতৰ বিৰুদ্ধ থকা অভিযোগ সমুলঞ্চে নাইকিয়া হৈ পৰিব বুলি আশা কৰিব পাৰি।