
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই ২৭ কেজি ৪০০ গ্ৰাম আফিং জব্দ (Opium Seized) কৰে। আৰক্ষীৰ তথ্য অনুসৰি, জব্দ কৰা আফিংখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১০ কোটি টকা। শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত চলোৱা অভিযানত মণিপুৰৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা AS-25-AD-1789 নম্বৰৰ এখন বলেৰ’ বাহনত তালাচী চলোৱা হয়। বাহনখনৰ পিছফালে নিৰ্মাণ কৰা গোপন চেম্বাৰত ৩০টা পেকেটত লুকুৱাই অনা হৈছিল আফিংখিনি। এই ঘটনাত বাহনখনৰ চালক জগদীশ কুমাৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।
ইফালে, শ্ৰীভূমি জিলাত এদিনতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত ৩০জনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সদৰ, বদৰপুৰ, নিলামবজাৰ, ৰাতাবাৰী, ৰামকৃষ্ণনগৰ আৰু পাথাৰকান্দি থানা এলেকাত চলোৱা হয় এই অভিযান। পলাতক অৱস্থাত থকা তিনিজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে এজনক ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
নিশা প্ৰায় ১ বজাত সংবাদ মাধ্যমৰ আগত অভিযানৰ তথ্য সদৰী কৰি শ্ৰীভূমিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই কয় যে ড্ৰাগছ সৰবৰাহৰ আঁৰত ধন যোগান ধৰা লোকসকলক চিনাক্ত কৰাৰ বাবেও অভিযান চলি আছে। ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ জৰিয়তে সম্পত্তি আহৰণ কৰা লোকসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

দৰং জিলাতো একেদিনাই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ অভিযোগত ১২জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযানত প্ৰায় ৪০ লাখ টকা নগদ ধনৰ লগতে ১৭ কেজি গাঞ্জা, ৯০০টা নাইট্ৰাজেপাম টেবলেট আৰু ১৫টা ক’ডেইনযুক্ত চিৰাপৰ বটল জব্দ কৰা হৈছে। দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৰ্মীষ্ঠা বৰুৱাই এই তথ্য সদৰী কৰে।
আনহাতে, গোৱালপাৰা জিলাৰ দুধনৈ আৰু শিমলীতোলাত দুধনৈ সম-জিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগৰ নেতৃত্বত অভিযান চলোৱা হয়। যোৱা নিশা শিমলীতোলাত এক কেজি গাঞ্জাসহ জাকিৰ হুছেইন আৰু মকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে দুধনৈৰ লেলাত অভিযান চলাই প্ৰায় ছয় লাখ টকা মূল্যৰ বুলি উল্লেখ কৰা হেৰ’ইনসহ ঋতুপৰ্ণ শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।
একে নিশাই চুনাৰী থানা এলেকাত পশ্চিম গোৱালপাৰা সম-জিলাৰ আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ নেতৃত্বত চলোৱা অভিযানত মকছেদ আলী, খজেদ আলী আৰু উচমান গণিক ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানতো নিচাজাতীয় সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। গোৱালপাৰা জিলাৰ প্ৰায় আঠৰ পৰা দহটা স্থানত একে নিশাই অভিযান চলোৱা বুলি স্থানীয় প্ৰতিবেদনত উল্লেখ কৰা হৈছে।













