
হিমাশ্ৰী বড়োৰ (Himashree Boro) মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল কৰিলে পৰিয়ালে। লগতে RPF থানাত অন্ধ্ৰ প্ৰদেশৰ পৰা অহা আৰক্ষীৰ সন্মুখত ভাষ্য প্ৰদান কৰে পৰিয়ালে। ঘটনাৰ জড়িত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ। অভিযুক্ত গোবিন্দ ৰেড্ডী, আজিনুৰ হুছেইন, সুমিত্ৰা দেউৰী, জ্যোতি চৌধুৰী, অবিনাশৰ বিৰুদ্ধে দাখিল এজাহাৰ।
এই ৫ জনে মিলি হিমাশ্ৰী বড়োক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। অন্ধ্ৰ প্ৰদেশৰ পৰা অহা আৰক্ষীৰ সন্মুখত ভাষ্য প্ৰদান কৰিলে হিমাশ্ৰীৰ পৰিয়ালে। ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ আশ্বাস অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীৰ দলটোৰ। তদন্তৰ বাবে কাইলৈ হিমাশ্ৰীৰ ঘৰত উপস্থিত হ’ব আৰক্ষীৰ দলটো।













