মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ নিশ্ছিদ্ৰ তালাচীৰ বাবে আৰক্ষীয়ে কাৰবি আংলঙৰ (Karbi Anglong) অসম নাগালেণ্ড সীমান্ত অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে ইটোৰ পিছত আনটো সফলতা ৷ ড্ৰাগছ সৰবৰাহকাৰী সকলে নিতৌ ন ন কৌশল অৱলম্বন কৰিও সীমান্তত আৰক্ষীৰ শেন দৃষ্টিৰ পৰা ৰক্ষা পৰিব পৰা নাই ৷ কেতিয়াবা বিলাসী, বাহনত, কেতিয়াবা ট্ৰাকত কেতিয়াবা মটৰ চাইকেলৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰিও সফল হব পৰা নাই সৰবৰাকাৰীয়ে৷
আজি কাৰবি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan Gate) গেটত অৰক্ষী আৰু চি-২০ চি আৰপি এফৰ নিয়মীয়া নাকা তালাচীত পদ পথেৰে খোজকাঢ়ি ড্ৰাগছ সৰবৰাহ চেষ্টা চলোৱা এগৰাকী মহিলাৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন (Heroin seized)৷
আজি বিয়লি ৪ বজাত খটখটী থানা (Khotkhati Police Station)ৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত উপ-পৰিদৰ্শক নিতুল শইকীয়া আৰৱ স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ আৰু চি-20 চি আৰপিএফ দলৰ সহযেগত চলা নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা অসমৰ লাহৰিজান গেট পদপথে খোজকাঢ়ি পাৰ হৈ থকা অৱস্থাত এগৰাকী মহিলাৰ পৰা ২০টা চাবোনৰ বাকচত এটা স্কুল বেগৰ ভিতৰত কঢ়িয়াই অনা অৱস্থাত ২৫৪.৮৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (254.87 grams of heroin recovered) কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱা হেৰইনখিনিৰ সৈতে নগাঁৱৰ ধিং থানা অন্তৰ্গত পানবাৰী গাঁৱৰ মৃত মইনুল হকৰ পত্নী ছবিনা খাতুন (২৭)ক আটক (Chhabina Khatun detained) কৰিবলৈ সক্ষম হয়৷ ধৃত ছবিনা খাতুনৰ বৰ্তমান ঠিকনা কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড জিলাৰ লাহৰিজান টিলা বস্তিত বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে নিৰাপেক্ষ সাক্ষীগণৰ উপস্থিতিত এনডিপিএছ এক্টৰ অধীনত সন্দেহযুক্ত হেৰ’ইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷