খটখটী (Khatkhati) আৰক্ষী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো (Road accident)।দুৰ্ঘটনাটোত দুজন বাইক আৰোহী থিতাতে নিহত (2 Killed)। গুৰুতৰভাবে আহত তিনিজন (3 Injured)।
ডিমাপুৰৰ দিশৰ পৰা তিনিজন উঠি আহি থকা এখন তীব্ৰবেগী বাইকেৰে বোকাজান (Bokajan) দিশৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ থকা AS-03-AG 6845 মাৰুটি এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো সংঘটিত হয়।নিহত বাইক আৰোহী দুজন বোকাজানৰ খটখটীৰ (গৱাকে টেপ 40 ) Gwakey Tep আৰু (অবি টেপ 33 ) Abi tep বুলি জানিব পৰা গৈছে।
আহত এল্টো বাহনখনৰ দুজন ব্যক্তি গোলাঘাট জিলাৰ জাকিৰ হুছেইন (57) অঞ্জুমা খাটুন আৰু বাইকত অহা আনজন ব্যক্তি খটখতি (লাভি আছ’) গুৰুতৰভাবে আহত হয়।
গুৰুতৰভাবে আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও আঘাত গুৰুতৰ হোৱা বাবে আহত ব্যক্তি তিনিজনক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে।