কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ (KAAC, Secretary)ৰ সচিব মুকুল কাথাৰ (Mukul Khathar) পাৰিবাৰিক সংঘাতক লৈ ২২ এপ্ৰিলতে বিৰ্তকত সোমাই পৰে ৷ পত্নীক বিছাৰি গৈ ৰাজপথত পত্নীৰ জ্যেষ্ঠ ভগ্নীক মাৰধৰ কৰে বিষয়াগৰাকীয়ে৷ ইয়াৰ পিচতে শহুৰৰ ঘৰত পত্নী থকা বুলি খবৰ পাই তালৈ গৈ পত্নীক দাবীধমকি দি চোতালত এক ৰাউণ্ড গুলী ফুটাই বিষয়াগৰাকীয়ে।
এই ঘটনাৰ পিছতে ৰাতি পত্নীৰ ভগ্নী চাংপী টেৰণপীীয়ে নিশাই ডিফু থানাত এখন এজাহাৰ দিয়ে৷ ২৩ এপ্ৰিলত পত্নী লিনদালিং টেৰণপীয়েও ডিফু থানাত গোচৰ তৰে ৷ সিদিনাই আৰক্ষীয়ে মুকুল কাথাৰৰ ৰিভলভাৰটো জব্দ কৰে ৷ তেতিয়াৰে পৰা বিষয়া গৰাকী পলাই আছে ৷ সত্ৰ ন্যায়ালয়ত তেওঁৰ জামিন আবেদন খাৰিজ হোৱাত এতিয়া উচ্চ ন্যায়ালয় (Bail application at High court)ত তেওঁ জামিন আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

মঙ্গলবাৰে যদি উচ্চ ন্যায়ালয়ত গোচৰটো উঠে আৰু তেওঁ জামিন লাভ নকৰে তেন্তে তেওঁ আত্মসমৰ্পণ কৰাৰ বিকল্প নাথাকিব। ইয়াৰ মাজতে অসম চৰকাৰৰ পাৰচনেল বিভাগে মুকুলক কাথাৰৰ পৰিষদৰ ডেপুটেচৰ পৰা অব্যাহতি দিছে৷
ইফালে জিলা প্ৰশাসনে বিষয়াগৰাকীৰ ৰিভলভাৰটো অনুজ্ঞাপত্ৰ বাতিল (revolver’s licence cancelled) কৰিছে ৷ আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক (Tuliram Ronghang) সংবাদ মাধ্যমে মুকুল কাথাৰৰ বিষয়ে সুধাত কয় যে এয়া পতি-পত্নীৰ কাজিয়া ৷ আপোনাৰ ঘৰতো কেতিয়াবা কাজিয়া হয় ৷
সেয়ে এই সন্দৰ্ভত মই একো নকওঁ৷ অসম চৰকাৰে ডেপুটেছন উঠাই ল’লে তেওঁ যাব লাগাব৷ বৰ্তমান তেওঁ চুটিত থকা বুলি কয় ৰংহাঙে। মুকুল কাথাৰক কোনো ৰাজনৈতিক সুৰক্ষা দিয়াৰ কথাও তেওঁ অস্বীকাৰ কৰে৷ ইতিমধ্যে বিতৰ্কিত এচিএছ বিষয়া মুকুল কাথাৰক এক নিৰ্দেশনা যোগে অসম চৰকাৰ পাৰ্চনেল বিভাগে বদলি কৰিছে বুলি জানিব পৰা গৈছে৷