![]()
বৰ্তমান সময়ত পাহাৰীয়া জিলা কাৰবি আংলঙ (Karbi Anglong) জোকাৰি যোৱা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ এচিএছ বিষয়া (Senior ACS Officer) মুকুল কাথাৰ (Mukul Kathar)ৰ পৰিয়াল কেন্দ্ৰিক বিবাদক (Family disputes)লৈ কৰা মুকলি গুণ্ডাগিৰিক লৈ চৰ্চা অব্যাহত থকাৰ সময়ত আজি ডিফুত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, S.P)ই এক সংবাদমেল (Press Meet) আয়োজন কৰি বিষয়টিকলৈ আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ কথা সদৰি কৰে ৷
আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয়যে, যোৱা ২২ এপ্ৰিলত এচিএছ বিষয়া মুকুল কাথাৰে সন্ধিয়াৰ ভাগত এক পৰিয়াল কেন্দ্ৰিক সংঘাতকলৈ নিজ জেশাশুক অপদস্থ কৰা বুলি জেশাশুৰ পৰা এক এজাহাৰ লাভ কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাঃদঃবিঃআইনৰ ধাৰা ৩৪১/৩২৩/৫০৬ ত ২৩/৪৪ গোছৰ পঞ্জীয়ন কৰাৰ পিছত পুণৰ মুকুল কাথাৰে ৰুকাছেন গাঁৱত থকা শশুৰ ঘৰতগৈ এক ৰাউণ্ড গুলী ফুটোৱাৰ পিছত পত্নী লিংদালী টেৰণপীৰ এজাহাৰ ভিত্তিত পুনৰ ভাঃদঃবিঃ আইনৰ ধাৰা ৪৪৭/২৯৪(ক)/৫০৬ আৰু R/W ধাৰা ২৫ 1(ক)/২৭ অস্ত্ৰ আইনৰ অধীনত ডিফু থানাত ২৩/৪৪ নম্বৰত গোছৰ পঞ্জীয়ন কৰে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এচিএছ বিষয়া গৰাকীয়ে ফুটোৱা গুলী আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এচিএছ বিষয়া মুকুল কাথাৰৰ বাসভৱনত তালাচী চলাই ঘটনা সংঘটিত কৰা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মুকুল কাথাৰক আটক কৰিব পৰা নাই৷ আৰক্ষী অধীক্ষকগৰাকীয়ে মুকুল কাথাৰ বৰ্তমান গুৱাহাটীত আশ্ৰয় থকা বুলি জানিবলৈ দি তেওঁক শীঘ্ৰে আটক কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে ৷ আনহাতে ঘটনা সংঘটিত কৰা এচিএছ বিষয়া গৰাকীৰ গ্ৰেপ্তাৰ দাবীত জিলাখনৰ বিভিন্ন দল-সংগঠনে সংবাদমেল যোগে দাবী উত্থাপন কৰিছে ৷












