ৰঙালী বিহু (Rongali Bihu) উদযাপন কৰা হ’ল নিউজিলেণ্ডত (New Zealand)। ৰঙালী বিহুৰ ৰঙীণ উৎসৱে আমাৰ সকলোৰে মাজত সাতামপুৰুষীয়া ঐক্যতাৰ এনাজৰীডাল কটকটীয়া কৰি তোলে। কেৱল অসমতেই নহয়, অসমৰ বাহিৰত কৰ্মসূত্ৰে থকা অসমীয়াইও ৰঙালী বিহু উদযাপন নকৰাকৈ থাকিব নোৱাৰে।
শেহতীয়াকৈ “আছাম ছ’চাইটি অৱ নিউজিলেণ্ড”(Assam Society Of New Zealand) য়ে নিউজিলেণ্ডৰ ৱেলিংটনত ৰঙালী বিহু উদযাপন কৰে। এই অনুষ্ঠানত বিহু নৃত্য, সত্ৰীয়া নৃত্য, ভাৰত নাট্যম, আবৃত্তি আৰু লোকনৃত্যও পৰিৱেশন কৰা হয়।
অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত এনেদৰে প্ৰতিষ্ঠা কৰাৰ বাবে আমি আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।