
নগাঁও (Nagaon) চহৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ (Ramanujan Senior Secondary School) আজি ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day) উদযাপন কৰা হয়। উল্লেখ্য যে ২০০৫ চনৰ ২০ এপ্ৰিলত নগাঁও চহৰত স্হাপিত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্রীসকলে বিগত বৰ্ষসমূহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্হান দখলেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রত উজ্বলি উঠিছে। একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আহিছে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা বিদ্যালয়খনৰ চৌহদত এক উখল-মাখল পৰিবেশে বিৰাজ কৰে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই পুৱা বিদ্যালয়ৰ ধ্বজা উত্তোলন কৰাৰ লগতে শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। অধ্যক্ষগৰাকীয়ে শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰি মহান ভাৰতীয়ৰ গনিতজ্ঞগৰাকীৰ আদৰ্শ আনুসৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়।

আনহাতে ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ শৈক্ষিক অগ্ৰগতিত অৰিহনা যোগাই অহা শিক্ষা প্ৰতিষ্ঠানখনৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীক অধ্যক্ষ বৰাই ধন্যবাদ জ্ঞাপন কৰে। শিক্ষা প্ৰতিষ্ঠানখনৰ জন্ম বৰ্ষৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ বিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক চিন্তুমণি নাথে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়খনৰ সমাজতত্ব বিষয়ৰ শিক্ষয়িত্ৰী ত্ৰিৱেণী শৰ্মা আৰু স্বপ্না দেৱীৰ চমু বক্তব্যৰ পিছতে বিদ্যালয়ৰ ছাত্ৰী অন্তৰা লবিবা আৰু অন্যা জাহীন আব্ৰাই পৰিবেশন কৰা দ্বৈত সংগীতৰ পাচত বক্তৃতা প্ৰদান কৰে ছাত্ৰী তৃষ্ণা দেৱীয়ে।
আনহাতে ছাত্ৰী দৃষ্টি নয়না দাসৰ বিহুগীত পৰিবেশনে উপস্থিত সকলোকে আনন্দ দিয়ে। দুপৰীয়া শ্ৰীনিবাস ৰামানুজন আয়েঙ্গাৰৰ স্মৃতিত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।শেষত অধ্যক্ষ দিলীপ কুমাৰ বৰাই উপস্থিত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি ঘোষণা কৰে।