ASSAM TIMES POST
পশ্চিম কৰ্বিআংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙৰ গন্দাবিলত দিন দুপৰতে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই গঞা ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে । বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত পথাৰৰ পকা ধান চপোৱাতো ৰাইজৰ বাধাৰ সন্মুখীন হʼবলগীয়া হৈছে ৷
উল্লেখযোগ্য যে , বৃহত্তৰ টুম্প্ৰেং অঞ্চলৰ কাষত থকা হাবিয়নিত আশ্ৰয় লোৱা প্ৰায় ১৮ জনীয়া এটা হাতীৰ জাকে দিন দুপৰতে গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় । বনৰীয়া হাতী কেইটাই নিশা জিলাখনৰ টুম্প্ৰেং,গন্দাবিল, মুগাচং, লাংফাংকি, হাতীমৰা, তৰাডুবি আদি অঞ্চলত প্ৰৱেশ কৰি তামোল গছ , ঘৰ-বাৰি বিনষ্ট কৰাৰ লগতে চপাই অনা ধানৰ মেজিৰো খায় ব্যাপক ক্ষতি সাধন কৰিছে ৷
ইপিনে, বনৰীয়া হাতী খেদিবলৈ বন বিভাগৰ বনকৰ্মীয়ে বহু চেষ্টা কৰিছে যদিও সফল হোৱা নাই । উল্লেখ্য যে দুদিনৰ পূৰ্বেও বনৰীয়া হাতীয়ে টুম্প্ৰেঙৰ মুগাচুঙত এইদৰে দিন দুপৰতে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰপ চলীইছিল ।বনকৰ্মীয়ে শূণ্যলৈ গুলী নিক্ষেপ কৰিও ব্যৰ্থ হʼবলগীয়া হৈছিল ।