উত্তৰ প্রদেশ (Uttar Pradesh) আৰক্ষীৰ জিম্মাত প্রাক্তন সাংসদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্রফক হত্যাৰ তিনি দিন পিছত মুখ খুলিলে ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Chief Minister Yogi Adityanath)। অৱশ্যে প্ৰত্যক্ষভাৱে প্রয়াগৰাজ-কাণ্ডক লৈ কোনো মন্তব্য কৰা নাই তেওঁ।
মঙলবাৰে লখনউ আৰু হৰদৈ জিলাত টেক্সটাইল পার্কৰ বাবে এক উদ্যোগ গ্রুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি যোগীয়ে কয়, ‘‘উত্তৰ প্রদেশত কোনো মাফিয়াই আৰু উদ্যোগপতিক ভাবুকি হুমকি দিব নোৱাৰে।’’
ইফালে বিৰোধীৰ অভিযোগ, প্ৰত্যক্ষভাৱে কাৰো নাম নল’লেও অপৰাধীৰ বাবে জন্য ‘ঠোক দো’ (ভুৱা এনকাউণ্টাৰত মাৰি পেলোৱা) নিদানৰ প্রবক্তা যোগীয়ে এই ক্ষেত্রত শনিবাৰে নিশা প্রয়াগৰাজ হস্পিটেল চৌহদত আতিক-আশ্রফৰ হত্যাৰ প্রসঙ্গৰ দিশেই ইঙ্গিত কৰিছে।