দুয়ো দুখন ৰাজ্য আৰু দুটা ভিন্ন ৰাজনৈতিক দলৰ মুখ্যমন্ত্ৰী। কিন্তু এজনে আনজনক ধন্যবাদ দিলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) অমৃতপাল বিষয়ত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক (Bhagwant Mann) ধন্যবাদ জ্ঞাপন কৰে। বিগত কিছুদিন ধৰি অস্থিৰ হৈ পৰিছে পঞ্জাব।
সমগ্ৰ ঘটনাটো অমৃতপাল সিঙক (Amritpal Singh) কেন্দ্ৰ কৰি। ৰাজ্যখনৰ আৰক্ষীয়ে সমগ্ৰ পঞ্জাবত অমৃতপালৰ তালাচী চলাইছে। যদিও তেওঁ নিৰুদ্দেশ হৈ আছে, তথাপিও তালাচীৰ আৰম্ভণিতে তেওঁৰ বহু ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অমৃতপাল বিষয়টোৱে বিদেশৰ মাটিতো প্ৰভাৱ পেলাইছিল।
কিন্তু এইবাৰ অসমৰ মুখ্যমন্ত্রীয়ে এই বিষয়টো চম্ভালি লোৱাৰ বাবে পঞ্জাবৰ মুখ্যমন্ত্রীক ধন্যবাদ জনায়৷ অমৃতপাল সিং আৰু তেওঁৰ দল ‘ৱাৰিছ পঞ্জাব দে’ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে হিমন্তই মানক প্ৰশংসা কৰে। একে সময়তে হিমন্ত বিশ্ব শৰ্মাই আপ মুৰব্বী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে।