হিন্দী ছবি জগতৰ এজন স্বনামধন্য অভিনেতা মনোজ বাজপেয়ী (Manoj Bajpayee) । ‘গেংছ অব ৱাছেপুৰ’ (Gangs Of Wasseypur) ৰ দৰে ছিৰিজেই হওক বা ‘দা ফেমিলি মেন’ (Family Man) ৰ দৰেই হওক, মনোজে সকলোতে প্ৰতিভাৰ চাপ এৰি গৈছে। সকলো ধৰণৰ চৰিত্ৰৰে দৰ্শকৰ হৃদয় চুই গৈছে। কিন্তু বৰ্তমান আন এক আমোদজনক কাৰণত তেওঁ শিৰোনামত।
মনোজৰ এই আচৰিত কৃতিত্ব শেহতীয়াকৈ প্ৰকাশ পাইছে, এক সাক্ষাৎকাৰত। অভিনেতাজনে নিজেই কৈছিল যে তেওঁ প্ৰথম বিদেশ ভ্ৰমণত কোনো মাৰাত্মক অপৰাধ সংঘটিত কৰা নাছিল! কিন্তু বিমানত তেওঁ ইমানেই মদ খাইছিল যে তেওঁ অজ্ঞান হৈ পৰিছিল।
মনোজৰ ভাষাত, “মই তেতিয়া থিয়েটাৰ কৰিছিলোঁ। বিনিময় কাৰ্যসূচীত পেৰিছলৈ পঠিওৱা হৈছিল। সেইটোৱেই আছিল মোৰ প্ৰথম বিদেশ ভ্ৰমণ। বাটত মদ চুব পৰা নাছিলো কাৰণ মই ভাবিছিলো যে মই তাৰ মূল্য দিব লাগিব। পকেটত টকা নাছিল।”
অৱশ্যে ঘূৰি অহাৰ সময়ত মনোজে এই ভুল নকৰিলে। সেই সময়ত তেওঁ গম পালে যে বিমানত সুৰা পৰিবেশনৰ বাবে কোনো সুকীয়া চাৰ্জ নাই। গতিকে উভতি অহাৰ পথত তেওঁ ইচ্ছামতে সুৰাৰ আদেশ দিলে। তেওঁ কয়, “ঘৰলৈ উভতি আহোঁতে ইমানেই মদ খাইছিলোঁ যে মোৰ চেতনা হেৰাই গৈছিল।”
কিন্তু তেওঁক কেনেকৈ দেশৰ মাটিত নমাই অনা হʼল তাৰ কাহিনী বিতংভাৱে কোৱা হোৱা নাছিল। দলৰ কোনোবাই উদ্ধাৰ কৰে। সেই কাহিনী এতিয়া মানুহৰ মুখত প্ৰচাৰিত হৈছে।
শেষবাৰৰ বাবে তেওঁক শৰ্মিলা ঠাকুৰৰ সৈতে ‘গুলমোহৰ’ ছবিত দেখা গৈছিল। তাতো মনোজৰ অভিনয়ৰ শলাগ লোৱা হৈছিল। ছবিখন ৩ মাৰ্চত অʼটিটিত মুক্তি পাইছিল।