![]()
কোভিডে (Covid) আক্রান্ত হোৱাৰ পিছত মধ্যপ্রদেশৰ (Madhya Pradesh) ধাৰ জিলাৰ এজন যুৱকক মৃত ঘোষণা কৰিছিল গুজৰাটৰ (Gujrat) এখন হস্পিটেলৰ চিকিৎসকে। হস্পিটেলৰ পৰা তেওঁৰ মৃতদেহ নি শেষকৃত্যও কৰিছিল পৰিয়ালে। কিন্তু প্রায় দুবছৰ পিছত শনিবাৰে সেই ‘মৃত’ যুৱকজনেই ঘৰলৈ উভতি আহে। কিন্তু এই দুবছৰ তেওঁ ক’ত আছিল?

ঘটনাৰ ৰহস্য কি? ইয়াৰ তদন্তত নামিছে আৰক্ষী। ‘মৃতক’ৰ ভাষ্য শুনাৰ পিছতেই সমগ্র ঘটনাটি স্পষ্ট হ’ব বুলি মত আৰক্ষীৰ। দেওবাৰে সংবাদ মাধ্যমৰ ওচৰত মুখ খুলিছে কমলেশ পটিদাৰ নামৰ ৩৫ বছৰীয়া যুবকজনৰ সম্পৰ্কীয় ভাতৃ মুকেশ পটিদাৰে। তেওঁ জনাইছে, শনিবাৰে পুৱা ৬টা বজাত এজন আত্মীয়ৰ ঘৰত গৈ উপস্থিত হয় কমলেশ। দুবছৰ পিছত তেওঁক জীবিত অৱস্থাত দেখি হতবাক হৈ পৰে তেওঁলোক।
কনৱান থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাম সিং ৰাথোৰে জনাইছে, ২০২১ চনত কোভিডত সংক্রমিত হোৱাত গুজৰাটৰ বৰোদাত এখন হস্পিটেলত কমলেশক ভর্তি কৰোৱা হৈছিল বুলি জনাইছে তেওঁৰ পৰিয়ালৰ সদস্যসকলে। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি জনাইছিল হস্পিটেলখনে। তাৰ পিছত পৰিয়ালৰ মানুহে নি শেষকৃত্য সম্পন্ন কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘‘বৰ্তমান সেই ‘মৃত’ ককায়েক ঘৰলৈ উভতি আহিছে। কিন্তু বিগত দুবছৰ তেওঁ ক’ত আছিল বা কি কৰিছিল, সেই সম্পর্কে একো জানিব পৰা হোৱা নাই।’’ সেয়া জানিবৰ বাবে তদন্তত নামিছে আৰক্ষী। কমলেশক সোধা-পোছাৰ পিছতহে তাৰ ৰহস্যৰ সমাধান হ’ব বুলি আৰক্ষীয়ে জনাইছে।











