পুনৰ কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহৎ সাফল্য ।কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী চকীৰ খাকৰাজান নাকা চেকিংত বুজন পৰিমাণৰ ড্ৰাগছসহ (seizes of Heroin)আটক কৰে এজনক (Arrested one)।
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী চকীৰ খাকৰাজান নাকা চেকিংত জব্দ কৰা বুজন পৰিমাণৰ ড্ৰাগছখিনি (Drugs seized)।জব্দ কৰা ড্ৰাগছখিনি মুঠ ১৪০টা চাবুনৰ বাকচত আছিল আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা হব বুলি
আৰক্ষীয়ে জানিব দিয়ে। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে লৈ যোৱা হৈছিল ড্ৰাগছখিনি ।ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে ৰফিকুল ইছলাম নামৰ এজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।