ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি (Ukraine President) ভলোডিমিৰ জেলেনস্কিয়ে (Volodymir Zelensky) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)লৈ চিঠি লিখি ঔষধ আৰু চিকিৎসা সঁজুলি (Medicines and medical equipment) প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। এই কথা বুধবাৰে প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন জাপাৰোভা। জানিব পৰা মতে, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ সৈতে হোৱা বৈঠকত তেওঁ এই কথা কয়। কেৱল ঔষধ বা চিকিৎসা সঁজুলিয়েই নহয়, জাপাৰোভাই ভাৰতীয় কোম্পানীসমূহক ইউক্ৰেইনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈও আহ্বান জনায়।
উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন এতিয়াও ৰোধ কৰিব পৰা হোৱা নাই। বিশেষজ্ঞসকলে কয় যে দীৰ্ঘম্যাদী ভিত্তিত যুদ্ধখন টিকাই ৰাখিবলৈ প্ৰয়োজনীয় শক্তিশালী অৰ্থনীতি ইউক্ৰেইনত নাই। আমেৰিকা বা পশ্চিমীয়া দেশৰ পৰা সাহায্য আহি আছে যদিও ই মূলতঃ সামৰিক। যুদ্ধৰ পৰিবেশত দেশৰ সাধাৰণ জনতাৰ জীৱন ক্ৰমাৎ কঠিন হৈ পৰিছে। এই দৃশ্যপটত ভাৰতলৈ আহি বিনিয়োগৰ বাৰ্তা দিয়াটো বেলেগ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয়।
ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰতৰ স্থিতি স্পষ্ট হৈ পৰিছে। ভাৰতে সদায় কৈ আহিছে যে যুদ্ধ নহয়, সমাধানৰ বাবে দুয়োপক্ষই আলোচনাৰ মেজত বহিব লাগে। পশ্চিমৰ বহুতে যিটোক ৰাছিয়া সমৰ্থক স্থিতি বুলি অভিহিত কৰিছে। কিন্তু ভাৰতে নিজৰ স্থিতি সলনি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। বিপৰীতে যুদ্ধৰ বাবে নতুন দিল্লীয়ে সস্তাতে ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ সক্ষম হৈছে। যিটো নতুন দিল্লীৰ বাবে যথেষ্ট সকাহ। এনে পৰিস্থিতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি ঔষধ আৰু চিকিৎসা সঁজুলি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।