আজি এক গোপন সূত্ৰৰ ভিত্তিত মাঞ্জা থানা (Manja Police Station)ৰ অ’চি ৰাজু দুৱৰাৰ নেতৃত্বত, উপপৰিদৰ্শক আকাশ গগৈ আৰু মাঞ্জা থানাৰ ষ্টাফৰ সহযোগত মাঞ্জাৰ আই চি ডি পিৰ সমীপৰ ২৯নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ নাকা বহোৱা হয় ৷ দেওবাৰে বিয়লি ২-৩০ মান বজাত আমলখী ফালৰ পৰা মাঞ্জা অভিমুখে আহি থকা এজন সন্দেহযুক্ত পথচাৰীক তালাচী চলোৱা হয়। লোকজনক তালাচী চলাই অভিযানকাৰী দলটোৱে লোকজনৰ অন্তৰবাসৰ ভিতৰত লুকুৱাই অনা ৭২টা ছেমপ্লেক্স প্লাছ কেপছুল (Simplex Plus Capsule Seized) জব্দ কৰিবলৈ সক্ষম হয় ৷ ফলত লোকজনক আৰক্ষীয়ে আটক কৰে ৷
লোকজন মাঞ্জা ডিমাপুৰ পথৰ কুকি কলনিৰ কামলাল চিংচনৰ পুত্ৰ মেলচন চিংচন (২৭)বছৰ বুলি চিনাক্ত কৰা হৈছে৷ উদ্ধাৰ হোৱা ছেমপ্লেক্স প্লাছ কেপছুলখিনি কাৰবি আংলং জিলা উপ-আৰক্ষী অধীক্ষক মুখ্য নাহিদ কৰিশ্মাৰ উপস্থিতিত আৰু নিৰিক্ষণত এনডিপিএছ এক্ট অনুসৰি জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
এই সন্দৰ্ভত মাঞ্জা থানাত এনডিপিএছ 22(খ)ৰ অধীনত মাঞ্জা থানাত ১৯/২০২৩ অনুসৰি গোছৰ ৰুজো দি তদন্ত কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷