জলফাই ৰঙৰ ‘ফ্লাইট ছুট’ পিন্ধি মূৰত বেলিষ্টিক হেলমেট। শনিবাৰে এই অচিনাকি সাজত দেখা গ’ল ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক (President Draupadi Murmu)। তেজপুৰৰ বায়ুসেনা (Air Force of Tezpur) ঘাটিৰ পৰা সুখই-৩০ যুদ্ধবিমান (Sukhai-30 fighter jets) উৰুৱালে তেওঁ।
ৰাষ্ট্রপতি হৈছে দেশৰ সশস্ত্র বাহিনীৰ সর্বাধিনায়ক। সেই সূত্ৰে দ্রৌপদী মুর্মুৱে শনিবাৰে তেজপুৰৰ ভাৰতীয় বায়ুসেনাৰ ঘাটি পৰিদর্শন কৰে।
তাতেই সুখই-৩০ এমকেআইৰ (Sukhai-30 MKI) দুখন আসন বিশিষ্ট প্রশিক্ষণ বিমান উৰুৱায় তেওঁ। সহকাৰী পাইলটৰ আসনত আছিল ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান চালক। তাৰ পিছত তেজপুৰ ঘাটিৰ পৰিদর্শকৰ বহীত ৰাষ্ট্রপতিয়ে লিখে, ‘‘এনে উড়ানৰ ব্যৱস্থা কৰাৰ বাবে মই তেজপুৰৰ বিমান ঘাটিৰ সেনাসকলক অভিনন্দন জনাইছো।’’
আনহাতে, সুখই ভ্ৰমণৰ অভিজ্ঞতাৰ কথা জনাই ৰাষ্ট্ৰপতিয়ে টুইটাৰত লিখিছে, ‘‘ভাৰতীয় বায়ুসেনাৰ শক্তিশালী সুখই-৩০-এমকেআই যুদ্ধবিমানত উৰণ মোৰ বাবে এক অসাধাৰণ অভিজ্ঞতা। এইটো গৌৰৱৰ বিষয় যে ভাৰতীয় প্রতিৰক্ষা ব্যৱস্থাৰ ক্ষমতা আজি জল, স্থল আৰু অন্তৰীক্ষত সুদৃঢ়ভাবে প্রসাৰিত।’’ উল্লেখ্য, ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্রপতি হিচাবে সুখই-৩০ এমকেআই বিমানত উঠিল দ্রৌপদী মুর্মু। ২০০৯ চনত তদানীন্তন ৰাষ্ট্রপতি প্রতিভা পাটিলে মহাৰাষ্ট্রৰ পুণে বায়ুসেনা ঘাটিত এই ৰুচ যুদ্ধবিমান উৰুৱাইছিল।