মধ্যপ্ৰদেশৰ ইন্দোৰৰ (Indore) স্নেহনগৰৰ বালেশ্বৰ মন্দিৰত (Baleshwar Temple) কুঁৱাৰ ঢাকনি ভাঙি (Breaking the well lid) তলত পৰি মৃত্যু (death) হোৱা লোকৰ সংখ্যা ৩৫লৈ বৃদ্ধি পাইছে। ইন্দোৰ জিলা দণ্ডাধীশ ইলিয়াৰাজা টিয়ে কয়, “এই ঘটনাত মুঠ ৩৫ জন লোকৰ মৃত্যু হৈছে। ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। এজন এতিয়াও সন্ধানহীন হৈ আছে। চিকিৎসাৰ অন্তত নিৰাপদে ঘৰলৈ উভতি যায় দুজন।
বাকীসকলৰ চিকিৎসা চলি আছে।” তেওঁ লগতে কয়, “বৃহস্পতিবাৰে প্ৰায় ১২.৩০ বজাৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে।”বৃহস্পতিবাৰে পুৱা ৰাম নৱমী উপলক্ষে শতাধিক তীৰ্থযাত্ৰী বালেশ্বৰ মন্দিৰত পূজা কৰিবলৈ আহিছিল। পূজাৰ সময়ত প্ৰায় ৩০-৪০ জন ভক্তই মন্দিৰৰ ভিতৰত থকা এটা কুঁৱাৰ চাদত উঠি দৰ্শন কৰে।
মন্দিৰৰ ভিতৰৰ যুগ যুগ ধৰি চলি থকা কুঁৱাটোৰ মুখখন পকী ঢাকনিৰে ঢাকি থোৱা আছিল। ঢাকনিখন যথেষ্ট শক্তিশালী নোহোৱাত ভাঙি দুৰ্ঘটনাটো সংঘটিত হয়।কংক্ৰিটৰ ঢাকনিৰ তলত সোমাই বহুতৰে মৃত্যু হয়। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।