দেওবাৰে ৰাজস্থানৰ বাশ্বোৱাৰাত অনুষ্ঠিত বিজেপিৰ এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) এক মন্তব্যই দেশজুৰি ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। কেৱল সিমানেই নহয়, বিজেপিৰ অভ্যন্তৰণতো ইয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, ৰাজস্থানত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা ওছমান গণিয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক ‘অবাঞ্ছিত’ বুলি অভিহিত কৰে। যাৰ বাবে বিজেপিয়ে তেওঁক বুধবাৰে বহিষ্কাৰ কৰে।
ৰাজস্থান বিজেপিৰ অনুশাসন সমিতিৰ অধ্যক্ষ ওঙ্কাৰ সিং লাখাৱতে বুধবাৰে কয়, “ওছমান গণিয়ে সংবাদ মাধ্যমত বিজেপিৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।” উল্লেখ্য, মঙলবাৰে এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত ওছমানে কৈছিল, “মুছলমান সম্প্ৰদায়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য কাম্য নহয়।” তেওঁ লগতে কয় যে যদিও ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএয়ে ৰাজস্থানৰ ২৫ খন আসনৰ সকলোবোৰতে জয়লাভ কৰিছিল, এইবাৰ সেয়া নহ’ব।
উল্লেখযোগ্য যে শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হায়দৰাবাদত কৈছিল যে যদি কংগ্ৰেছ শাসনলৈ আহে তেন্তে কোন শ্ৰেণীৰ হাতত কিমান সম্পদ আছে তাৰ এক আৰ্থ-সামাজিক সমীক্ষা চলাব। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে মোডীয়ে কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে মুছলমানসকলৰ দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ আছে। সেইকাৰণে কংগ্ৰেছে এটা জৰীপ কৰাৰ পৰিকল্পনা কৰিছে। যাতে দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীসকলৰ মাজত বিতৰণ কৰিব পাৰি।”
সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কয়, “কংগ্ৰেছে আপোনালোকৰ সম্পত্তিৰ ওপৰত চকু ৰাখিছে। যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে মাতৃ আৰু ভগ্নীসকলৰ মঙ্গলসূত্ৰও কাঢ়ি নিব।” মঙলবাৰে ৰাজস্থানৰ টংক-চৱাই মাধোপুৰত এক ৰেলী সম্বোধন কৰি মোডীয়ে কয়, “কংগ্ৰেছৰ শাসনত হনুমান চালিছা শুনাটোও অপৰাধ।”
উল্লেখযোগ্য যে শেহতীয়াকৈ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত জৰীপে কৈছে যে মোডীৰ অধীনত দেশত ধনী আৰু দৰিদ্ৰৰ মাজত বৈষম্য বৃদ্ধি পাইছে। দেশৰ সম্পদ মাত্ৰ কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈছে। কংগ্ৰেছে দাবী কৰিছে যে মোডী আৰু তেওঁৰ দলৰ নেতাসকলে অনুভৱ কৰিছে যে মানুহৰ মাজত ইয়াক লৈ ক্ষোভ বৃদ্ধি পাইছে। তাৰ বাবে তেওঁলোকে মেৰুকৰণৰ আশ্ৰয় লৈছে।