বিগত জানুৱাৰী মাহত অৰুণাচলৰ কুখ্যাত সুৰা(Arunachal wine)মাফিয়া অজয় ৰঞ্জন মহাৰাজক কাৰবি আংলং জিলা আৰক্ষীয়ে আটক কৰাৰ পাছতেই অসমৰ মাজেৰে অবৈধ অৰুণাচলৰ সুৰাৰ সৰবৰাহ কিছু পৰিমানে স্তিমিত হব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও দিন বাগৰাৰৰ লগে লগে অৰুণাচলৰ সুৰা সৰবৰাহ চক্ৰ অধিক শক্তিশালীহে হৈ উঠিছে ৷ সুৰা নিষিদ্ধ ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডত অবৈধ বাবে সুৰাৰ এখন ৰমৰমীয়া বজাৰ গঢ়লৈ উঠিছে ৷
এই বজাৰত সুৰাৰ দৰ অত্যাধিক হোৱাৰ বাবেই অসাধু সুৰা ব্যৱসায়ীয়ে অসমতকৈ বহুগুণে কম মূল্যৰ অৰুণাচলৰ সুৰা অসমৰ মাজেৰে মণিপুৰ -নাগালেণ্ডলৈ ব্যাপক মুনাফা আদায় কৰি আহিছে ৷ সুৰামুক্ত মণিপুৰ- নাগালেণ্ডলৈ যিকোনো প্ৰকাৰে অৰুণাচলৰ সুৰা সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই ৷ যোৱা ২৬ মাৰ্চ তাৰিখে বোকাজান মহকুমাৰ শান্তিপুৰ- বৰপথাৰ আৰক্ষী থানাত চিমেণ্টৰ বেগৰ তলত লুকুৱাই অনা অৱস্থাত এখন অৰুণাচলৰ সুৰা ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ পাছতে আজি পুণৰ এক ট্ৰাক অৰুণাচলৰ সুৰা জব্দ কৰে বৰপথাৰ আৰক্ষীয়ে ৷
অৰুণাচলৰ সুৰা সৰবৰাহৰ খবৰ লাভ কৰি বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱাই খাকৰাজান স্থিত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত প্ৰতিখন বাহনত ব্যাপক তালাচী অভিযান চলায় ৷ তেনে সময়তে গুৱাহাটীৰ পৰা আলু-পিয়াজ কঢ়িয়াই অনা এন এল ০১ এচি ৪৬৬৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আলু-পিয়াজৰ বস্তাৰে ঢাকি অনা অৱস্থাত ৭৬১ কাৰ্টুন অৰুণাচলৰ সুৰা জব্দ কৰে ৷ সৰবৰাহকাৰীয়ে সুৰাৰ কাৰ্টুনৰ ওপৰত ১০৪ বস্তা আলু আৰু ৫২ বেগ পিয়াঁজৰ বস্তা দি জাপি আনিছিল যদিও বৰপথাৰ আৰক্ষীৰ নিচ্ছিদ্ৰ পহৰাৰ বাবেই সুৰা সমূহ সৰবৰাহ কৰাত ব্যৰ্থ হয় ৷
সুৰা সমূহ সৰবৰাহকাৰীয়ে ইম্ফললৈ সৰবৰাহৰ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে ট্ৰাকখনৰ চালক শুৱালকুছিৰ আশ্ৰফী ৰায়ক আটক কৰিছে ৷ তাতপৰ্যপূৰ্ণ কথা যে, পূৰ্বতে অবৈধ সুৰা সৰবৰাহকাৰীয়ে অৰুণাচলৰ নাহৰলগুন, বান্দৰদোৱাৰ পৰা মণিপুৰ-নাগালেণ্ডলৈ অৰুণাচলী সুৰা সৰবৰাহ কৰিছিল যদিও এইবাৰ অৰুণাচলৰ সুৰাৰ সৰবৰাহ কৰা হৈছে গুৱাহাটীৰ পৰা ৷
ট্ৰাক চালকজনে প্ৰকাশ কৰা মতে গুৱাহাটীৰ লখৰাৰ এটা পাৰ্কিঙত সুৰা সমূহ ট্ৰাক খনত উঠোৱা হৈছিল ৷ ট্ৰাকখনত উঠাবৰ বাবে কোনো এক গোপন স্থানৰ পৰা এখন ৪০৭ বাহনত দুবাৰকৈ অনা হৈছিল সুৰা সমূহ ৷ বৰপথাৰ আৰক্ষীয়ে আজি জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৭ লাখ টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷