বিজেপিয়ে নাগৰিকত্ব সংশোধনীৰ জৰিয়তে খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছেঃ হলিৰাম তেৰাঙ
ASSAM TIMES POST
ডিফুঃ পাহাৰত অব্যাহত আছে জাতিধ্বংসী বিধেয়ক ২০১৬ক লৈ উত্তাল প্ৰতিবাদ ৷ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ কলৈ তীব্ৰ প্ৰতিবাদ হৈ থকাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙতো বিতৰ্কিত বিধেয়ক খন বাতিল কৰিবলৈ সৰৱ হৈ পৰিছে এএছডিচি, কেএছএ আৰু কেএনচিএ৷
এইলৈ আজি এএছডিচি, কেএছএ আৰু এই যৌথভাবে ডিফুৰ ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মূখত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠন কেইটাৰ প্ৰায় শতাধিক সদস্যই ঢোল, বজাই হাতে হাতে প্লে’কাৰ্ড বেনাৰ ফেষ্টুন আদি লৈ বিজেপি গ’ বেক, অসম চৰকাৰ হায়, হায়, সংশোধনী বিল ২০১৬ বাতিল কৰক, অমিত শ্বাহ হুছ মে আও আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
এএছডিচিৰ সভাপতি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে সংবাদ মেলত হোৱা বাৰ্তালাপত কয় যে, এএছডি চি য়ে ২০১৬ চনৰ পৰাই বিতৰ্কিত বিধেয়কখনৰ বাতিলৰ বাবে অসমৰ অন্যান্য দল সংগঠনৰ লগত সমানে বিৰোধিতা কৰি আহিছে৷ যোৱা কেইবাদিন ধৰি এএছডিচি, কেএছএকে ধৰি ইয়াৰ ভাতৃ-ভগ্নী সংগঠন সমূহে পাহাৰীয়া জিলা কাৰবি আংলঙত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আজি জিলা খনৰ ৫ ঠাইত এএছডিচি, কেএছএ আৰু কেএনচিএই চিএবি বিৰুদ্ধ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷
বিজেপি, আৰএছএছে ষড়যন্ত্ৰ ক্ৰমে, মুছলমানক বাদ দি অইন ধৰ্মৰ বিদেশীক অসমত সংস্থাপিত কৰি থলুৱা জনজাতিক নিঃশেষ কৰাৰ ব্লু প্ৰিণ্ট ৰচিছে বুলি অভিযোগ কৰে৷ যি সময়ত কাৰবি আংলঙ তথা অসমৰ লক্ষ্য লক্ষ্য নিবনুৱা যুৱক চাকৰি তথা সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢপলিয়াই ফুৰিছে তেনে সময়ত বিজেপি আৰু আৰএছএছে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশীক দেশত সংস্থাপিত কৰিব বিচৰাটো চিন্তাৰ বিষয় বুলি মন্তব্য কৰে৷
বিতৰ্কিত বিধেয়ক খন বাতিল নোহোৱালৈকে এএছডিচি আৰু ইয়াৰ ভাতৃ-ভগ্নী সংগঠনে গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলি হুংকাৰ দিয়ে নেতা গৰাকীয়ে৷ ইয়াৰোপৰি ৷সংগঠন কেইটাই যৌথভাবে আজি কাৰবি আংলং জিলা উপায়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।