
সমগ্ৰ ইউৰোপত (Europe) অভূতপূৰ্ব গ্ৰীষ্মকালৰ গৰম। ইউৰোপৰ কেইবাখনো দেশ প্ৰচণ্ড তাপ প্ৰৱাহৰ (heat wave) কবলত পৰিছে। ফলস্বৰূপে, ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই এই কথা প্ৰকাশ কৰিছে। দেওবাৰে পাৰাই জাৰ্মানী, পোলেণ্ড আৰু চেক গণৰাজ্যকে ধৰি কেইবাখনো ইউৰোপীয় দেশত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তাপ প্ৰৱাহ এতিয়া পূব দিশলৈ গতি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰেয়েচাছে এক্সত এটা প’ষ্টত কয় যে ২১ জুনৰ পৰা ইউৰোপত প্ৰচণ্ড গৰমৰ ফলত ১,৩০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।
“ইউৰোপ হৈছে বিশ্বৰ দ্ৰুততম বৰ্ধিত উষ্ণতা, যি বিশ্বব্যাপী গড়তকৈ দুগুণ। তেওঁ যোগ দিছিল যে লাখ লাখ লোক প্ৰচণ্ড তাপ প্ৰৱাহত বাস কৰি আছে। বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। পাৱাৰ গ্ৰিডবোৰো ভাঙি যোৱাৰ পথত আছে।” তাপৰ চাপক প্ৰায়ে ‘নীৰৱ ঘাতক’ হিচাপে গণ্য কৰা হয়। ইউৰোপৰ ঘৰ, কৰ্মস্থান আৰু বিদ্যালয়ৰ গাঁথনিবোৰ এই চৰম উষ্ণতা সহ্য কৰিব পৰাকৈ ডিজাইন কৰা হোৱা নাই। “দেওবাৰে ৰাতিপুৱা, ফ্ৰান্সৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে বুধবাৰৰ পৰা দেশখনত স্বাভাৱিকতকৈ প্ৰায় ১,০০০ অধিক লোকৰ মৃত্যু হৈছে। মৃত্যুৰ প্ৰধান ভুক্তভোগী হৈছে ৬৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ। আনকি ঘৰতো মৃত্যুৰ সংখ্যা ৪০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

উল্লেখ্য যে জাৰ্মানীত দেওবাৰে দেশখনৰ পূব অংশত তাপমাত্ৰা আছিল ৪১.৭ ডিগ্ৰী চেলচিয়াছ। জাৰ্মানীৰ ইতিহাসত এয়া তৃতীয় আটাইতকৈ গৰম দিন। প্ৰাগৰ উত্তৰে ডকছানি অঞ্চলত তাপমাত্ৰা ৪১.১ ডিগ্ৰী চেলচিয়াছত উপনীত হোৱাৰ পিছত চেক গণৰাজ্যই দুদিনত দ্বিতীয়বাৰৰ বাবে এক নতুন তাপমাত্ৰাৰ অভিলেখ স্থাপন কৰিছে। পোলেণ্ডৰ স্লুবিছ চহৰৰ তাপমাত্ৰা ৪০.৫ ডিগ্ৰী চেলচিয়াছ পাইছেগৈ। দেশৰ বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰিছে যে ই পোলেণ্ডৰ সকলো অভিলেখ ভংগ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে এই চৰম বতৰৰ বাবে জলবায়ু পৰিৱৰ্তনক পোনপটীয়াকৈ দোষাৰোপ কৰিছে। ‘জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত এসময়ত ‘প্ৰজন্মত এবাৰ’ হোৱা তাপ প্ৰৱাহ এতিয়া প্ৰায় প্ৰতি বছৰে ঘটিছে।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ, তেওঁ সকলো ইউৰোপীয় দেশক জৰুৰীভাৱে এক ‘তাপ স্বাস্থ্য কাৰ্য পৰিকল্পনা’ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। ইপিনে, নেডাৰলেণ্ডত প্ৰচণ্ড তাপ প্ৰৱাহৰ বাবে অভূতপূৰ্ব ‘কোড ৰেড’ সতৰ্কবাণীৰ পিছত ‘ডেফকন ১’ নামৰ এক বিখ্যাত সংগীত উৎসৱ বাতিল কৰা হৈছে। পেৰিছে জৰুৰীকালীন সেৱাৰ ওপৰত চাপ হ্ৰাস কৰাৰ প্ৰচেষ্টাত ৰাজহুৱাভাৱে সুৰা সেৱন নিষিদ্ধ কৰিছে। চহৰখনৰ পৰম্পৰাগত ‘প্ৰাইড মাৰ্চ’ বাতিল কৰা হৈছে।










