![]()
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত নতুনকৈ ১ হাজাৰ ৮৯০ জন কৰোনাত (Corona Virus) আক্রান্ত হৈছে। বিগত সাত মাহ অর্থাৎ ২১০ দিনত যিটো সর্বোচ্চ। ইয়াৰ পূৰ্বে বিগত বছৰৰ অক্টোবৰ (October) মাহত অন্তিমবাৰৰ বাবে এটা দিনত ইমান সংখ্যক লোক কৰোনাত আক্রান্ত হৈছিল।

তাৰ পিছত মার্চ (March) মাহত ইয়াকে লো একেৰাহে দুদিন সংক্রমণৰ সংখ্যাই ১৮০০ পাৰ কৰিলে। এই মুহূর্তত দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা ১০ হাজাৰৰো অধিক। আনহাতে, যিটো হাৰত সংক্রমণৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ ফলত আগন্তুক কেইদিনমানৰ ভিতৰত সেয়া ২ হাজাৰৰ সীমা স্পৰ্শ কৰাৰ অনুমান কৰা হৈছে। ইফালে দেশৰ কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন বিশেষজ্ঞসকলো।
কেন্দ্রীয় চৰকাৰে দেশজুৰি কোভিডৰ (Covid) বিৰুদ্ধে আখৰাৰ আয়োজন কৰিছে। অহা মাহৰ ১০ আৰু ১১ তাৰিখে দেশৰ বিভিন্ন হস্পিটেলত কৰোনা মোকাবিলাৰ প্রস্তুতি অধ্যয়ন কৰা হ’ব। অনুষ্ঠিত হ’ব আখৰা। চৰকাৰী আৰু বেচৰকাৰী হস্পিটেলত আখৰাৰ আয়োজনৰ নির্দেশ দিয়া হোছে। সেইমর্মে ৰাজ্যবোৰলৈ নির্দেশ পঠাইছে স্বাস্থ্য মন্ত্রালয়ে। আনহাতে, পৰিসংখ্যা মতে, বিগত এসপ্তাহত কৰোনাত ২৯ জনৰ মৃত্যু হৈছে।

তাৰ আগৰ সপ্তাহত এই সংখ্যা আছিল ১৯। ফলত মৃত্যুৰ পৰিসংখ্যাও কিছু উদ্বেগৰ কাৰণ হৈ উঠিছে। সোমবাৰৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ৬ জনেৰ মৃত্যু হৈছে। ইয়াৰ উপৰি বিগত এক সপ্তাহত অর্থাৎ ১৯ মার্চৰ পৰা ২৫ মার্চ পর্যন্ত সমগ্ৰ দেশত কৰোনা আক্রান্ত হৈছে ৮ হাজাৰ ৭৮১ জন।












