আজি “বিকাশৰ বাবে এদিন” কাৰ্যসূচীৰ অংশস্বৰূপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma) ৰঙিয়াত (Rangia) উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ৫৪৫.১৯ টকাৰ প্ৰকল্পৰ আন্তঃগাঁথনি উদ্বোধন কৰে।
প্ৰতিটো মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰিত হোৱা নৰেন্দ্ৰ মোদীৰ “মন কী বাত” (Narendra Modi’s Mann Ki Baat) অনুষ্ঠানটি ৰঙিয়াবাসীৰ সৈতে হৰদত্ব বীৰদত্ব ভৱনত শুনে। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা , নলবাৰীৰ সমষ্টিৰ বিধাক জয়ন্ত মল্ল বৰুৱা , হাজো সমষ্টিৰ বিধায়ীকা সুমন হৰিপ্ৰিয়া , সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা , ভূৱনেশ্বৰ কলিতা প্ৰমুখ্যে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জ্বল্লী আৰু ৰঙিয়া প্ৰশাসনৰ বিষয়ববীয়া তথা ৰঙিয়াৰ বিশিষ্ট ব্যক্তি সকলে।
উল্লেখ্য যে, “মন কী বাত” ৰ ৯৯ সংস্কৰণটিত আজি নৰেন্দ্ৰ মোদী বীৰ লাচিত বৰফুকনৰ ৰচনা লিখি “গিনিছ ৱৰ্ল্ড ৰেকৰ্ড” (Guinness World Record) ত অসমে স্থান লাভ কৰা আদিকে লৈ “অংগ দান” আৰু নাৰী শক্তিৰ বিভিন্ন বিষয় সামৰি অনুপ্ৰেৰণামূলক বাৰ্তা দেশবাসীক প্ৰেৰণ কৰে।
এই অনুষ্ঠানটি উপভোগ কৰি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আই.চি.ইউ উদ্বোধন তথা ১০ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ভৱনৰ উদ্বোধনৰ লগতে ক্ৰীড়া সন্থাৰ খেলপথাৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰে।
উক্ত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে বাইহাটা চাৰিআলিৰ পৰা এখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ ঘোষণা কৰাৰ লগতে নলবাৰী মেডিকেল কলেজ আৰু এইমচ উদ্বোধন কৰাৰো ঘোষণা কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আগন্তুক সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি ২৭ লাখ কৰাৰ লগতে অনুদানৰ পৰিমাণো মাহিলী ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব। লগতে, নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তিনিটা কিস্তিত ২ লাখ টকা দিয়াৰ কথা কোৱাৰ উপৰিও কৃষকৰ পৰা পোনপটীয়াকৈ ধানৰ লগতে সৰিয়হো ক্ৰয় কৰা হব বুলি ঘোষণা কৰে । আনহাতে, স্নাতকোত্তৰ মহলৰ ছাত্র ছাত্ৰী সকলৰ যাতায়ত খৰচ চৰকাৰে বহন কৰি বছৰেকত ১০ হেজাৰ টকা দিব প্ৰকাশ কৰি চৰকাৰখনৰ সফলতাৰ কথা ব্যাখ্যা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয়, এটকাৰো উৎকোচ নিদিয়াকৈ লগতে এটাও হাইকোৰ্ট কেচ নোহোৱাকৈ ১ লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰ খনে। লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মজয়ন্তী উপলক্ষে ৩১ মাৰ্চৰ দিনাখন ছাত্র দিৱস হিচাপে পালন কৰা হ’ব । উক্ত দিনাখন গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হ’ব ।