নগাঁও (Nagaon) তথা অসমৰ অন্যতম অগ্রণী সাংস্কৃতিক অনুষ্ঠান কল্লোল সাংস্কৃতিক গোষ্ঠীৰ (Kallol cultural organizations) সোণালী জয়ন্তী বৰ্ষৰ( Golden Jubilee Year) লগত সংগতি ৰাখি কল্লোল ফিল্ম চচাইটিৰ(Kallol Flim Society)সহযোগত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়াকৈ “কল্লোল”চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হব। কল্লোল সাংস্কৃতিক গোষ্ঠীৰ প্ৰেক্ষাগৃহত ২৪ মাৰ্চৰ সন্ধিয়া ৫ বজাত উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হব ।অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মুকুট ভূঞাক বিশেষ ভাবে কৃতজ্ঞতা জ্ঞাপন কৰা হব।
লগতে মুকুট ভূঞাই সম্পাদনা কৰা ছুটি ছবি ” লাইট” প্ৰদৰ্শন কৰা হব। সন্ধিয়া ৬ বজাত পৰিচালক ৰীমা বৰাৰ “নৈ ” প্ৰদৰ্শন কৰা হব। ২৫ মাৰ্চৰ বিয়লি ২বজাৰ পৰা একাদিক্ৰমে পৰিচালক সকল ক্ৰমে ইন্দ্ৰনীল গায়নৰ “ৰিভিজিটিং চলিহা “, খঞ্জন কুমাৰ নাথৰ “দা বয় উইথ এ গান “,জাহিদ খানৰ ” পিনচ্ এণ্ড নিদলচ”, প্ৰবীণ হাজৰিকাৰ “মুখে পদ হাতে মুদ্ৰা “:ময়ূৰ সদৃশ নাচে: মাইনী মহন্তৰ “ছলজাৰিং ফৰ ডেম’ক্ৰেচী”প্ৰদৰ্শন কৰা হব।২৬ মাৰ্চৰ বিয়লি ২বজাৰ পৰা পৰিচালক ক্ৰমে পাৰ্থজিৎ বৰুৱাৰ ” ব্ৰাছ ষ্ট্ৰ’ক ‘”, ৰুক্ চানা তবচ্ছুমৰ “কেক ষ্টৰী”অৰূপ মান্নাৰ “অনন্যা”ছবি প্ৰদৰ্শন কৰা হব।
বিয়লি ৪বজাত “চলচ্চিত্ৰ ৰসাস্বাদন আৰু চলচ্চিত্ৰ সংস্থা”শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব। আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব ডঃ দীপশিখা ভাগৱতীয়ে। আনহাতে প্ৰতিখন ছবি প্ৰদৰ্শনৰ পিছতে পৰিচালকৰ লগত চমু মুখামুখি অনুষ্ঠান অনুষ্ঠিত হব। মহোৎসৱৰ তিনিওটা দিনৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিৰ হৈ কল্লোলৰ সভাপতি লোহিত কলিতা, সম্পাদক নৌচাদ আখতাৰ হাজৰিকা আৰু ফিল্ম চচাইটিৰ সম্পাদক শিৱানন্দ কাকতিয়ে।