বোকাজানৰ (Bokajan) ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত (Accident) দুজন লোক নিহত হোৱাৰ লগতে আন দুজন আঘাতপ্ৰাপ্ত হয়। নাগালেণ্ডৰ (Nagaland) তুলিৰ পৰা বোকাজান হৈ ডিমাপুৰলৈ (Dimapur) গৈ থকা অৱস্থাত NL-07-CA-1654 নম্বৰৰ টয়টা ফৰচুনাৰ (Toyota Fortuner) গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাহনখনৰ চালক সুৰজ আলি আৰু ইটকা য়েপটো। আনহাতে আহত ব্যক্তি দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়।