ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে (DIPR) যোৱা দুটা বিত্তীয় বৰ্ষত এতিয়ালৈকে ১৩০.৫৯ কোটি টকাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে।
হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰে বিগত দুবছৰত বিজ্ঞাপনত ১৩০.৫৯ কোটি টকা ব্যয় কৰাৰ বিপৰীতে তেওঁৰ পূৰ্বসুৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) চৰকাৰে সমগ্ৰ পাঁচ বছৰীয়া কাৰ্যকালত ১২৫.৬ কোটি টকা ব্যয় কৰিছে বুলি বুধবাৰে বিধানসভাত প্ৰকাশ কৰে।
অসম বিধানসভাত বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাই (Pijush Hazarika) কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২১-২২ আৰু ২০২২-২৩ চনৰ ভিতৰত বিজ্ঞাপনৰ বাবে মুঠ ১৩২ কোটি টকা মুকলি কৰি দিছিল তেওঁৰ বিভাগলৈ।
তথ্য আৰু জনসংযোগ বিভাগে এতিয়ালৈকে যোৱা দুটা বিত্তীয় বৰ্ষত ১৩০.৫৯ কোটি টকাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰকাশ কৰিছে বুলিও তেওঁ লগতে কয়।
হাজৰিকাই আৰু কয় যে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰে সমগ্ৰ পাঁচ বছৰৰ সময়ছোৱাত ডিআইপিআৰক মুঠ ১৩২.৩ কোটি টকা মুকলি কৰি দিছিল।
২০১৬-১৭ চনৰ পৰা ২০২০-২১ চনলৈকে চৰকাৰীভাৱে প্ৰকাশিত সকলো বিজ্ঞাপনৰ মুঠ খৰচ ১২৫.৬ কোটি বুলিও তেওঁ লগতে কয়।
দৈনিক বাতৰিকাকত, আলোচনী, টিভি চেনেল, এফ এম ৰেডিঅ’ আৰু অন্যান্য সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে।
মুঠতে ২০১৬ চনত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত বিজেপি চৰকাৰে ২৬৪.৩ কোটি টকা আবণ্টনৰ বিপৰীতে বিজ্ঞাপনত ২৫৬.১৯ কোটি টকা ব্যয় কৰিছে বুলিও তেওঁ লগতে কয়।