এখন বিশেষ চাহৰ দোকান, নাম দিয়া হৈছে “ট্ৰান্স টি ষ্ট’ল” (Trans Tea Stall)। এই বিশেষ চাহৰ বিপণীখন মুকলি কৰা হৈছে গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station)। এই বিপণীখনত পোৱা যাব চাহৰ লগতে অসমীয়া থলুৱা বা পৰম্পৰাগত খাদ্য-সম্ভাৰ।
তৃতীয় লিংগৰ মহিলা সকলক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ অৰ্থে লগতে স্বাৱলম্বিতাৰ দিশত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত কিঞ্চিৎ সহায় কৰিবৰ বাবে সদৌ অসম ট্ৰান্স জেন্দাৰ সন্থাৰ (Assam Transgender Association) প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাৰ উদ্যোগত এই চাহৰ বিপণীখন মুকলি কৰা হয়।তৃতীয় লিংগৰ লোকসকলক লৈ সমাজত থকা বিভাজন দূৰ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে NF Railwayৰ GM আনচুল গুপ্তাই (Anshul Gupta) । তৃতীয় লিংগৰ মহিলা সকলৰ এই প্ৰচেষ্টাত এতিয়া আনন্দ প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে। তেওঁলোক আগুৱাই যাওঁক, তাকেই কামনা কৰিছে সকলোৱে।এই “টি ষ্টল” ৰ ফটোৱে এতিয়া ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে।