লাহোৱাল (Lahaul)ত পুনৰ বাৰ সংঘটিত হৈছে আন এক জঘণ্য ধৰ্ষণ (Rape) কাণ্ড। খবৰ অনুসৰি, লাহোৱালৰ বকুল বেবেজীয়া গাঁৱৰ (Bebejia Village) বাছবাৰী অঞ্চলৰ নিবাসী তীৰ্থ গগৈ (Teerth Gogoi) ওৰফে এলাইছ ভাইটি নামে এক পাষণ্ড বিগত দিন ধৰি নিজৰ সম্বন্ধীয় এঘৰৰ তাত মিস্ত্ৰীৰ কাম কৰি আছিল।
কিন্তু, ঘৰত কোনো নথকাৰ সুযোগ লৈ পাষণ্ডটোৱে ঘৰত অকলে থকা ৯ বছৰীয়া নাবালিকা গৰাকীক উত্তেজনামূলক নীলা ছবি তথা ফটো দেখুৱাই ৩ দিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। ইয়াৰ লগতে, পাষণ্ডটোৱে এই কথা ঘৰৰ কাকো নক’বলৈ নাবালিকা গৰাকীক সকীয়নি প্ৰদান কৰিছিল আৰু যদি গৃহস্থক এই কথা জনাই তেতিয়া নাবালিকা গৰাকীয়ে নিজ পিতৃ-মাতৃক হেৰুৱাব বুলিও ভাবুকি দিছিল।
নাবালিকা গৰাকীয়ে ধৰ্ষণৰ কথা কাকো নজনালে যদিও পিতৃয়ে এদিন পাষণ্ডটোক ধৰ্ষণ কৰি থকা অৱস্থাত ধৰা পেলায় আৰু তীৰ্থক প্ৰহাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়ায়। পৰৱৰ্তী সময়ত, নাবালিকা গৰাকীয়েও সকলো কথা পিতৃ-মাতৃক খুলি কয়।
নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে কালি পাষণ্ডটোৰ বিৰুদ্ধে লাহোৱাল থানাত গোচৰ দিয়ে যদিও কালিৰ পৰা পাষণ্ড তীৰ্থই পলাই আছিল । কিন্তু, লাহোৱাল আৰক্ষীয়ে আজি অতি কৌশলৰে পাষণ্ডটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু পাষণ্ডটোৰ বিৰুদ্ধে লাহোৱাল থানাত পঞ্জীয়ন হোৱা গোচৰৰ ধাৰা -376/AB/IPC R/W Section 4 Pocso Act আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কিছু সময় আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷