কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) বনবিভাগত (Forest Department) বিয়াগোম নিযুক্তি কেলেংকাৰী (Recruitment scam) সংঘটিত হৈছে৷ এই নিযুক্ত কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে বনকৰ্মী সাধনা তিমুঙপী আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী ব্যক্তিৰ ৷

মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ নিযুক্তিৰ ক্ষেত্ৰত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে ১৬৪ গৰাকী প্ৰতাৰিত প্ৰাৰ্থীয়ে।২০২১ চনৰ ২৯ জুনত জিলা মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা এম আৰ, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ বাবে মুঠ ১৬৩ গৰাকী চাকৰি প্ৰাৰ্থীক দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল ৷
চাকৰি প্ৰাৰ্থীসকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ এই নিযুক্তি পত্ৰ ভুৱা বুলি গম পায়৷ ইয়াৰ পিছতেই হাহাকাৰ লাগে এই ১৬৩ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ মাজত ৷কাৰণ অভিযোগ অনুসৰি নিযুক্তি পোৱা প্ৰতি গৰাকী চাকৰি প্ৰাৰ্থীয়েই ১ৰ পৰা, ৭ লাখলৈকে মধ্যভোগীক প্ৰদান কৰিছিল ধনৰ টোপোলা ৷
এই প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰা মধ্যভোগী (Middileman) কেইগৰাকীৰ নাম চাকৰি প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ ইয়াৰে মূল অভিযুক্ত ৰূপে এলড্ৰিণ পাটৰ (Aldrin Patar) নামৰ লোকজনক চিহ্নিত কৰিছে৷
এই এলড্ৰিণ পাটৰে বিগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ আনহাতে সাধনা তিমুঙপী নামৰ এগৰাকী ফৰেষ্টাৰৰ বিৰুদ্ধেও ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সেয়ে প্ৰতাৰিত প্ৰাৰ্থীসকলে শীঘ্ৰে নিযুক্তি দিয়া অন্যথা তেওঁলোকৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ দাবী জনাইছে ৷
উল্লেখযোগ্য যে এইলৈ যোৱা ১২ জানুৱাৰীত কাৰবি আংলং বনবিভাগৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ কাৰ্যালয়ত প্ৰতাৰিত প্ৰাৰ্থীসকলে মুখ্য বন সংৰক্ষকক এক স্মাৰক পত্ৰও অৰ্পন কৰিছিল৷