অনলাইনত চিনাকি (Known online) হোৱা এজন ব্যক্তিৰ দ্বাৰা নিৰ্যাতিত হৈছিল এগৰাকী কিশোৰী। তাৰ ধৰ্ষণ (Rape)ৰ ফলত তেওঁ গৰ্ভৱতী (Pregnant) হৈয়। কিন্তু এই কথা কাকো নোকোৱাকৈ ইউটিউব (Youtube) ভিডিঅ’ চাই ঘৰতে সন্তান জন্ম (Birth of a child) দিয়ে কিশোৰীগৰাকীয়ে। তাৰ পিছত ডিঙি চেপি হত্যা (Strangling murder) কৰে নৱজাতকটোক (New born)।
মহাৰাষ্ট্ৰৰ নাগপুৰ (Nagpur)ৰ আম্বাজাৰী (Ambajari) অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ছচিয়েল মিডিয়াৰ জৰিয়তে ১৫ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে এজন ব্যক্তিয়ে কথা-বতৰা পাতিছিল। লগ পোৱাৰ সময়তে নাবালিকাগৰাকীক ধৰ্ষণ কৰে আৰু তাৰ পিছত তেওঁ গৰ্ভৱতী হয়।
কিন্তু এই বিষয়ে তেওঁ ঘৰত কাকো একো কোৱা নাছিল। আচলতে গৰ্ভাৱস্থাৰ বাবে তেওঁৰ পেট ফুলাৰ কথা কোনোবাই সুধিলে তেওঁ তাক শাৰীৰিক সমস্যা বুলি উলাই কৰি দিয়ে।
গোটেই কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিবলৈ কিশোৰীগৰাকীয়ে ইউটিউবত ঘৰতে সন্তান জন্ম দিয়াৰ বিষয়ে কেইবাটাও ভিডিঅʼ চাইছিল। তাৰ পিছত সেই ভিডিঅʼটোত দেখুওৱা পদ্ধতি অনুসৰি ২ মাৰ্চত ঘৰতে কন্যা সন্তান জন্ম দিলে। কিন্তু ধৰা পৰাৰ ভয়ত প্ৰসৱৰ পিছত শিশুটিক ডিঙি চেপি হত্যা কৰে। ঘৰত এটা বাকচত লুকুৱাই ৰাখে মৃতদেহটো।
ঘটনাৰ সময়ত কিশোৰীগৰাকীৰ মাতৃ ঘৰত নাছিল। পিছত ঘৰলৈ উভতি অহাৰ পাছত তেওঁক অসুস্থ হৈ পৰা দেখি তাৰ কাৰণ সোধাত ভুক্তভোগী ছোৱালীজনীয়ে মাতৃক সকলো কথা কয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীকো খবৰ দিয়া হয়।
আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ঘটনাৰ পিছত অৱশ্যে বৰ্তমান সুস্থ তেওঁ। ভাৰতীয় দণ্ডবিধি আৰু POCSO আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিলে নাবালিকাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হʼব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।