![]()
১০৮ নং শিৱসাগৰ (Sivsagar) বিধানসভা সমষ্টিৰ বিধায়কৰ উদ্যোগত আৰু প্ৰতিভা সন্ধানী প্ৰতিযোগিতা উদযাপন সমিতিৰ সৌজন্যত তথা শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ সহযোগত কিছুদিন পূৰ্বে জিলাখনৰ বৰ্ডিং খেলপথাৰত আয়োজিত হোৱা সাংস্কৃতিক সন্ধিয়াত মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ (Zubeen Garg)।

কিন্তু, মঞ্চত উঠিয়েই “আজি মোৰ গান গোৱা মন নাই” বুলি কয় মঞ্চৰ পৰা নামি আহিছিল জুবিন গাৰ্গ। তেওঁৰ এই আচৰণে সেইদিনা শিৱসাগৰবাসীক যথেষ্ট ক্ষুদ্ধ কৰি তোলাৰ পিছতেই এতিয়া শিল্পী গৰাকীৰ ওপৰত নিজ ক্ষোভ উজাৰিছে বঙাইগাঁও (Bongaigaon) বাসীয়ে। আগন্তুক ৰঙালী বিহুত বঙাইগাঁৱত দুটাকৈ সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ। কিন্তু আক্ৰাছু দলে বঙাইগাঁৱত ইতিমধ্যে জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰিছে।
জুবিন গাৰ্গ আৱেগ। কিন্তু অসমে ৰাজ্যৰ সম্পদ হিচাবে গণ্য কৰা জুবিন গাৰ্গৰ আচহুৱা আচৰণে এতিয়া অসমবাসীক হতহম্ভ কৰি তুলিছে।













