কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক (Sonia Gandhi) দিল্লী (Delhi)ৰ শ্ৰীগংগাৰাম চিকিৎসালয় (Gangaram Hospital)ত ভৰ্তি (Admit) কৰোৱা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, জ্বৰৰ বাবে তেওঁক বৃহস্পতিবাৰে ভৰ্তি কৰোৱা হয়।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, ছোনিয়াৰ অৱস্থা অৱশ্যে সুস্থিৰ। অৱশ্যে তেওঁৰ কিছু শাৰীৰিক পৰীক্ষাও কৰা হৈছে। ছোনিয়াৰ অৱস্থা নিৰীক্ষণৰ বাবে গঠন কৰা হৈছে চিকিৎসকৰ দল।
চলিত বৰ্ষৰ জানুৱাৰী মাহত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ বাবে ছোনিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হʼবলগীয়া হয় ছোনিয়া।