দিল্লী উচ্চ ন্যায়ালয়ত মুখৰক্ষা কেন্দ্ৰৰ। সশস্ত্ৰ বাহিনীত প্ৰাৰ্থী নিযুক্তিৰ বাবে কেন্দ্ৰৰ অগ্নিপথ আঁচনিৰ (Agneepath Scheme) প্ৰত্যাহ্বান জনোৱা আবেদনসমূহ আদালতে খাৰিজ (Dismissed in court) কৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ যে কেন্দ্ৰীয় চৰকাৰে আঁচনিখনত হস্তক্ষেপ কৰাৰ কোনো বৈধ কাৰণ নাই (No valid reason)। আদালতে যুক্তি দিয়ে যে এই আঁচনিখন দেশৰ স্বাৰ্থত আৰু যিকোনো প্ৰতিৰক্ষামূলক কামত সশস্ত্ৰ বাহিনীক শক্তিশালী আৰু সংগঠিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে।
দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court) মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমণিয়ম প্ৰসাদৰে গঠিত বিভাগীয় বিচাৰপীঠে ৰায় দিয়ে। আবেদনসমূহ খাৰিজ কৰাৰ সময়ত বিভাগীয় বিচাৰপীঠে আৰু লক্ষ্য কৰে যে আবেদনকাৰীসকলৰ এই ধৰণে নিযুক্তি বিচৰাৰ কোনো অধিকাৰ নাই। এই ৰায় যোৱা বছৰৰ ১৫ ডিচেম্বৰৰ পৰা সংৰক্ষিত আছিল।
উল্লেখ্য, ২০২২ চনৰ ১৪ জুনত ভাৰতীয় যুৱক-যুৱতীক সশস্ত্ৰ বাহিনীত নিয়োগ কৰিবলৈ অগ্নিপথ আঁচনি আৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীসকলে ‘অগ্নিবীৰ’ হিচাপে চাৰি বছৰ দেশৰ সেৱা আগবঢ়াব বুলি সিদ্ধান্ত লোৱা হৈছিল।
অগ্নিপথ আঁচনিৰ অধীনত ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাত মুঠ ৪৬ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল কেন্দ্ৰই। সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মুৰব্বীৰ বৈঠকৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চাড়ে ১৭ বছৰৰ পৰা ২১ বছৰ বয়সৰ ভিতৰৰ যুৱক-যুৱতীসকলক ‘অগ্নিবীৰ’ হিচাপে নিযুক্তি দিয়া হʼব। কেন্দ্ৰই লগতে ঘোষণা কৰে যে এই প্ৰকল্পৰ একমাত্ৰ উদ্দেশ্য হৈছে এক অনুশাসিত আৰু দক্ষ সেনাবাহিনী সৃষ্টি কৰা।
কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত সমগ্ৰ দেশত জুই জ্বলি উঠে। যাৰ সূত্ৰপাত হৈছিল বিহাৰত। ভাৰতীয় সেনাবাহিনীত বিষয়া-জোৱানৰ সাধাৰণ নিযুক্তিৰ বয়স ১৮-২৫ বছৰ বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। নতুন বয়সৰ সীমাত বহু যুৱকে চাকৰিৰ সুযোগ হেৰুৱাব। ইয়াৰ বাহিৰেও কৰোনা পৰিস্থিতিৰ বাবে দুবছৰৰ বাবে সেনা নিযুক্তি স্থগিত ৰখাৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বয়স বৃদ্ধি পাইছে। ফলত আৰু বহুতৰে সশস্ত্ৰ বাহিনীত যোগদানৰ সপোন পূৰণ নহ’ব। ইয়াৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰথম বেটচত অগ্নিবীৰ নিযুক্তিৰ উচ্চ সীমা ২১ৰ পৰা ২৩লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।
কিন্তু ইয়াৰ দ্বাৰাও পৰিস্থিতি শান্ত নহয়। অগ্নিপথ প্ৰকল্পত ‘চুক্তিবদ্ধ সৈন্য’ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সশস্ত্ৰ বাহিনীত স্থায়ী নিযুক্তিৰ অন্ত পৰিব পাৰে বুলিও আশংকা কৰা হৈছে। এই সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়তো কেইবাটাও গোচৰ ৰুজু কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়তো কেইবাখনো আৱেদন দাখিল কৰা হয়। সোমবাৰে সেই সকলোবোৰ আবেদন নাকচ কৰে আদালতে।