
ফ্ৰান্সত প্ৰতিবাদ আৰু অশান্তিৰ মাজতে ভাৰত চৰকাৰে ভাৰতীয় প্ৰবাসীসকলৰ বাবে গাইডলাইন জাৰি কৰিছে। বুধবাৰে পেৰিছত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে ফ্ৰান্সৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমাৱেশৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ মাজতে ফ্ৰান্সলৈ যোৱাৰ পৰিকল্পনা কৰাসকলকো এই নিৰ্দেশনাসমূহ মানি চলিবলৈ কোৱা হৈছে। ভাৰতীয়সকললৈ দূতাবাসৰ বাৰ্তা হৈছে, “শেহতীয়া পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ কিছুমান অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছে। অনুগ্ৰহ কৰি সজাগ আৰু সতৰ্ক হওক। বৃহৎ সমাৱেশ বা ভিৰ পৰিহাৰ কৰক। প্ৰতিবাদ কৰা ঠাইলৈ নাযাব। স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলক।” ইয়াৰ উপৰি প্ৰবাসীসকলক বিপদৰ পৰা হাত সাৰিবলৈ স্থানীয় পৰিঘটনাৰ বিষয়ে সদায় অৱগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বুধবাৰে দিয়া বিবৃতিত দূতাবাসৰ যোগাযোগ নম্বৰ দিয়া হৈছে। ইয়াৰ পূৰ্বে ইটালীত থকা ভাৰতীয় দূতাবাসেও তাত থকা প্ৰবাসীসকলৰ বাবে অনুৰূপ নিৰ্দেশনা জাৰি কৰিছিল।
বিগত কেইসপ্তাহমানৰ পৰা ফ্ৰান্সৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰু অশান্তি অব্যাহত আছে। বিদ্যালয়-মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীৰ অভাৱত বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। যদিও প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকল পথত নামিলেও ই ক্ৰমান্বয়ে বৃহৎ ৰূপ লৈছে। অভিযোগ কৰা হৈছে যে ফ্ৰান্সত জীৱন-যাপনৰ ব্যয় বৃদ্ধি পাইছে। জনকল্যাণমূলক সেৱাৰ মান দিনক দিনে হ্ৰাস পাইছে।

উন্নত সেৱাৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদে বিভিন্ন স্থানত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। পেৰিছ, মাৰ্চেইল, লায়নৰ দৰে চহৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, ঘৰ লুটপাত, চৰকাৰী সম্পত্তি অগ্নিসংযোগ আদি কাণ্ড সংঘটিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে জাৰি কৰিছে সান্ধ্য আইন। বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰ আৰু শনিবাৰে নতুন প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ পৰিপ্ৰেক্ষিতত হয়তো পুনৰ অশান্তি বাঢ়িব।
ফ্ৰান্সৰ পৰিস্থিতিৰ ওপৰত বিশ্বই চকু ৰাখিছে। ভাৰতত ককৰোচ জনতা পাৰ্টীৰ আন্দোলনৰ কথা কওঁতে দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে বুধবাৰে বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত অশান্তিৰ উদাহৰণ দাঙি ধৰে। যদিও তেওঁ কোনো দেশৰ নাম উল্লেখ কৰা নাই, তথাপিও বহুতে বিশ্বাস কৰে যে তেওঁ হয়তো ফ্ৰান্সক বুজাইছিল। আদালতে কয় যে চিজেপি নেতাসকলে আহ্বান কৰা সমাৱেশ নিয়ন্ত্ৰিত নহ’লে বিদেশৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ভাৰতত যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।












