
ককৰোচ জনতা পাৰ্টীৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই দিল্লীৰ বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে যন্তৰ-মন্তৰত আৰু কোনো আন্দোলনৰ আহ্বান নকৰে, শান্তি বজাই ৰাখিব আৰু ভৱিষ্যতে তেওঁলোকে কৰা যিকোনো আন্দোলন ভাৰতৰ সাংবিধানিক কাঠামো অনুসৰি হ’ব। তিহাৰত ন্যায়িক জিম্মাত সাত দিন কটাবলগীয়া হোৱাৰ পিছত বুধবাৰে মুকলি কৰি দিয়া হয় দুয়োকে। দুয়োজনে মুক্তিৰ পূৰ্বে আদালতত লিখিত বক্তব্য দিয়ে। চৰকাৰে নিৰ্দিষ্ট প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা যন্তৰ-মন্তৰক আঁতৰাই দিয়াৰ পিছত ১৩ অক্টোবৰত দুয়োজনে লোহাৰ গে’টত উঠি তাত প্ৰৱেশ কৰে। ৰাংকা আৰু সৌৰভৰ লগতে চিজেপি নেতা আজিংক্য শিণ্ডেকে ধৰি দলৰ অন্যান্য সমৰ্থকসকলো উপস্থিত থাকে। জাতীয় পতাকা উত্তোলন কৰি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। তাৰ পিছত আটাইকেইজনক আটক কৰি ৰখা হয়। কিন্তু বাকীসকলক মুকলি কৰি দিয়াৰ বিপৰীতে দিল্লী আৰক্ষীয়ে শান্তি ভংগৰ অভিযোগত ৰাংকা আৰু সৌৰভক গ্ৰেপ্তাৰ কৰে। মুক্তিৰ পূৰ্বে দুয়োজনে আদালতত একেধৰণৰ লিখিত বক্তব্য দিয়ে।
ৰাংকা আৰু সৌৰভে দিয়া বিবৃতিত লিখিছে, “মই প্ৰতিশ্ৰুতি দিছোঁ যে শান্তি বিঘ্নিত নকৰো। ন্যায়পালিকাৰ প্ৰতি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। অনাগত দিনত আইন-শৃংখলা আৰু শান্তি বজাই ৰাখিম। মই স্পষ্টকৈ উল্লেখ কৰিছোঁ যে আইন অনুসৰি নিৰ্দিষ্ট প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা যন্তৰ-মন্তৰক আঁতৰোৱাৰ ঘোষণা বাতিল নোহোৱালৈকে মই তাত কোনো প্ৰতিবাদী কাৰ্যসূচী আহ্বান নকৰোঁ। যদিহে আইন অনুসৰি ভৱিষ্যতে কোনো প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হয়, সংবিধানৰ কাঠামো অনুসৰি পৰিচালিত হ’ব।”

এই লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত আদালতে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত দুয়োগৰাকী চিজেপি নেতাৰ জামিন মঞ্জুৰ কৰে। অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত থাকিব বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে। শুকুৰবাৰে এই গোচৰৰ পৰৱৰ্তী শুনানি আছে।
উল্লেখ্য যে বুধবাৰে দিল্লী আৰক্ষীয়ে চিজেপি নেতাসকলৰ ন্যায়িক জিম্মা বৃদ্ধিৰ বাবে আবেদন জনাইছিল। কিন্তু আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰে। তেওঁলোকৰ মুক্তিৰ নিৰ্দেশৰ পিছত আদালতৰ পৰা ওলাই যোৱাৰ সময়ত সৌৰভে কয়, “সত্যৰ জয় হ’ল।”
ইয়াৰ পূৰ্বে সৌৰভ আৰু ৰাংকাই নিম্ন আদালতে ন্যায়িক জিম্মা বৃদ্ধিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আইন ভংগ কৰি যন্ত- মন্তৰত প্ৰৱেশ কৰাৰ বাবে ন্যায়াধীশে তেওঁলোকক ধমক দিয়ে। পিছত চিজেপিয়ে তাৰ পৰা গোচৰটো প্ৰত্যাহাৰ কৰে। ৭ দিন কাৰাগাৰত থকাৰ পাছত নিম্ন আদালতে দুয়োগৰাকী নেতাৰ জামিন মঞ্জুৰ কৰে।











