বুধবাৰে অসমৰ নতুন ৰাজ্যপাল (Governor) হিচাপে শপত গ্ৰহণ কৰিলে গুলাব চান্দ কাটাৰিয়াই (Gulab Chand Kataria)। এই উপলক্ষে কলাক্ষেত্রৰ (Kalakhetra) শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে গুলাব চান্দ কাটাৰিয়াই ।
বুধবাৰে দিনৰ ১১ বজাত গুলাব চান্দ কাটাৰিয়াক ৰাজ্যপাল হিচাপে শপত বাক্য পাঠ কৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই (Sandip Meheta)। উল্লেখ্য, মঙলবাৰে বিয়লি পত্নী অনিতা কাটাৰিয়াসহ গুলাব চান্দ কাটাৰিয়া আহি গুৱাহাটীত উপস্থিত হয় ।
ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)। লগতে কেইবাগৰাকীও মন্ত্রী আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখ্য, ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা গুলাব চান্দ কাটাৰিয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থানৰ গৃহমন্ত্রী আছিল ।