ৰঙিয়াত( Rangia)আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ( Drugs Seized)উদ্ধাৰ হয় । লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । উদ্ধাৰ হোৱা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৭ কোটি টকা । ধৃত সৰবৰাহকাৰী জন হৈছে মণিপুৰৰ সেনাপতি জিলাৰ ৰং বেঞ্জামিন ।
ৰঙিয়া থানাৰ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত অভিযান উক্ত অভিযান চলে । অভিযানৰ সময়ত AS 01 -BS 5209 নম্বৰৰ এখন বলেৰ’ জব্দ কৰে । প্ৰায় এক কিলোগ্ৰাম ড্ৰাগছ জব্দ । ডিমাপুৰৰ পৰা দিল্লীলৈ ড্ৰাগছখিনি নিবলৈ ওলাইছিল ।