
অসম গ্ৰন্থমেলা (Assam Book Fair), ডিফু (Diphu) লেখক-সাহিত্যিক আৰু গ্ৰন্থপ্ৰেমীৰ মিলনথলীত পৰিণত হৈছে ৷ বিশেষকৈ গ্ৰন্থমেলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ মহলে ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজিৰ দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয় ৷

শিশুৰ দিন উদ্বোধন কৰে বিশিষ্ট কণ্ঠশিল্পী শশীকলা হাঞ্চেপীয়ে ৷ তেওঁ উদ্বোধনী ভাষণত কয় যে শিশুসকলৰ প্ৰতিভাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ প্ৰাংগণত আয়োজিত কৰা শিশুৰ দিন এক মহত্বপূৰ্ণ অনুষ্ঠান ৷ শিশুসকল ভিন্ন প্ৰতিভাৰ আকৰ ৷
এনে কাৰ্যসূচীয়ে তেওঁলোকৰ বিকাশত বিশেষভাৱে সহায় কৰে ৷ আজিৰ শিশুসকলেই ভৱিষ্যতে শিল্প-সাহিত্য-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত কাম কৰিব ৷ এনে অনুষ্ঠানে শিশুসকলক সাহসী কৰি তোলে আৰু উদ্বুদ্ধ কৰে ৷
উল্লেখ্য যে শিশুৰ দিন উপলক্ষে আজি চিত্ৰাংকণ, আকস্মিক বক্তৃতা , কবিতা আবৃত্তি আৰু মুকলি কুইজ অনুষ্ঠিত হয় ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত উমালজিৎ দেৱে প্ৰথম , পূৰৱী জিংদঙে দ্বিতীয়, ৰশ্মি গুপ্তাই তৃতীয় স্থান লাভ কৰিছে৷ সুপ্ৰীতম নন্দন বৰা , লোপামুদ্ৰা বৰা, একাংশ আগৰৱালাই উদগনি বঁটা লাভ কৰে ৷
“খ” শাখাত ৰিণিকি পলে প্ৰথম, চয়নিকা ফাংল’ছাই দ্বিতীয়, প্ৰিয়াংশী শৰ্মাই তৃতীয় স্থান আৰু খংবামন ডেৰা, জুনেইদ আহমেদ, এঞ্জেলে উদগনি বঁটা লাভ কৰে ৷ “গ” শাখাত অমৃত মেচে প্ৰথম, ডেহিংছন কিলিঙে দ্বিতীয়, ভাগ্যস্মিতা দাসে তৃতীয় স্থান লাভ কৰে৷ উদগনি বঁটা লাভ কৰিছে নৃত্যাংগণা বৰা, বিশ্বজিৎ দাস, কৃতিষা কেম্প্ৰাইয়ে ৷এই পুৰষ্কাৰ সমূহ কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত প্ৰদান কৰা হ’ব৷

আনহাতে বিয়লিৰ ভাগত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাৰ সঞ্চালনাত ডিফুৰ বিশিষ্ট লেখক সাহিত্যিক ভৱ প্ৰসাদ দেউৰী ৰচিত ‘ভিন্ন দৃষ্টি ভিন্ন চিন্তা’ নামক এক গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগৰ সচিব আইএছ বিষয়া মুনীন্দ্ৰ শৰ্মাই ৷ অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লেখক, সাহিত্যিক আৰু সাহিত্য প্ৰেমী লোক উপস্থিত আছিল ৷ ইপিনে আজি সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে ৷












