বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ভাৰতীয় বিনিয়োগকাৰীৰ (Indian investors) স্বাৰ্থ সুৰক্ষিত কৰাটো প্ৰয়োজন। আদানীকাণ্ডৰ পৰিস্থিতিৰ এই কেলেংকাৰীৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এনে মন্তব্য কৰে। তাৰ বাবে ভাৰতৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়াক (ছেবি) শক্তিশালী কৰাৰ প্ৰয়োজন।
একে সময়তে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) কেন্দ্ৰীয় চৰকাৰ আৰু ছেবিক (Central Government and SEBI) এই পৰিস্থিতিৰ পৰা বিনিয়োগকাৰীক কেনেদৰে সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশ্ন কৰে।
এই সন্দৰ্ভত সোমবাৰৰ ভিতৰত কেন্দ্ৰ আৰু শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰকক অৱগত কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। আদালতে ছলিচিটৰ জেনেৰেলক কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সৈতে এই বিষয়ত আলোচনা কৰিবলৈও কয়।
ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “বিদেশী সংস্থাটোৰ প্ৰতিবেদন (হিণ্ডেনবাৰ্গ ৰিপোৰ্ট) প্ৰকাশ পোৱাৰ পিছৰে পৰা ছেবিয়ে আদানী (Adani)ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থায়ো তদন্ত আৰম্ভ কৰিছে।”
উচচতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ শুনানি গ্ৰহণ কৰিছিল। বিচাৰপীঠে কয় যে ভাৰতীয় বজাৰত অনিশ্চয়তাৰ সৃষ্টি হʼলে বিনিয়োগকাৰী যাতে সুৰক্ষিত হয় তাৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থা পৰীক্ষা কৰা আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে। যোৱা কেইসপ্তাহমানৰ পৰা বজাৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবেই এই চিন্তাৰ সৃষ্টি হৈছে।
আদালতৰ নিৰীক্ষণ, পৰিস্থিতি ৰক্ষাৰ বাবে নিয়ন্ত্ৰণ কাঠামোৰ সঠিক মূল্যায়ন আৰু বিনিয়োগকাৰীৰ স্বাৰ্থত নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ প্ৰয়োজন।২৪ জানুৱাৰীত আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।
এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পাইছে।ইয়াৰ ফলত উদ্বেগ প্ৰকাশ পাইছে যে ভাৰতীয় ষ্টেট বেংক আৰু আদানীক ঋণ দিয়া জীৱন বীমা কোম্পানীও ঋণৰ বোজাৰ বাবে বিপদত পৰিব পাৰে নেকি? সেই প্ৰসংগতেই উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ।