ৰাজ্যত চলি থকা বাল্য বিবাহ(Child marriage) বিৰোধী অভিযানৰ এটা সপ্তাহ অতিক্ৰম। বিগত এটা সপ্তাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে চলাইছে বাল্য বিবাহ বিৰোধী অভিযান। বাল্য বিবাহত লিপ্ত থকা ব্যক্তি অথবা পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰক্ষীয়ে চলাইছে এই অভিযান।
আনহাতে, এই অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক টুইট কৰিছে। টুইটাৰত তেওঁ প্ৰকাশ কৰা মতে, বাল্য বিবাহ বিৰোধী অভিযানত অসম আৰক্ষীয়ে এই পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহত অভিযুক্ত ২৬৬৬ জনক গ্ৰেপ্তাৰ কৰিছে।
আনহাতে, মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ নিজৰ কঠোৰ স্থিতিৰ কথা দোহাৰি কৈছে যে এই অভিযান অব্যাহত থাকিব। ৰাজ্যৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ বাবে এই অভিযানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ লাখ লাখ ছোৱালীক বাল্য বিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই অলপ কষ্ট স্বীকাৰ কৰিবই লাগিব।