বাল্য বিবাহ (Child Marriage) সহ্য কৰা নহʼব। এই আইন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সতৰ্কবাণীৰ পিছতে সমগ্ৰ ৰাজ্যতে বাল্য বিবাহ আইন উলংঘা কৰা ১৮০০ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ পিছত ৰাজ্যজুৰি অভিযান আৰম্ভ কৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে পোন্ধৰ দিনতকৈও কম সময়ত সমগ্ৰ ৰাজ্যতে ৪ হাজাৰৰো অধিক বাল্যবিবাহৰ অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। শুকুৰবাৰৰ পৰা অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হʼব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে সমগ্ৰ ৰাজ্যৰ ১৮০০ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
সংশ্লিষ্ট ব্যক্তিজনে যদি ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰায় তেন্তে POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মন্ত্ৰীসভাই। আৰু ১৪-১৮ বছৰ বয়সৰ ছোৱালীক বিয়া কৰাই দিয়া পুৰুষৰ বিৰুদ্ধে শিশু বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত গোচৰ ৰুজু কৰা হʼব। কেৱল সেয়াই নহয়, এই বিবাহৰ লগত জড়িত সকলো ধৰ্মগুৰু বা পুৰোহিতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলি মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে।