বোকাখাত (Bokakhat)ৰ কুৰুৱাবাহী গাঁও (Kuruwahi village) পঞ্চায়তত গোলাঘাট জিলা শিশু সুৰক্ষা বিভাগৰ (District Child Protection Department) দ্বাৰা এখন সভা অনুষ্ঠিত হয়। পঞ্চায়ত সভাপতি ৰূপা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে আঞ্চলিক সদস্য শৰৎ শইকীয়াই। জিলা শিশু সুৰক্ষা বিভাগৰ জিলা বিষয়া অসীম বাৰুকীয়ালে শিশু সুৰক্ষা আইন আৰু ব্যৱস্থা সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়াই।
বাল্য বিবাহৰ পৰিণতি সন্দৰ্ভত ব্যাখ্যা আগ বঢ়াই বুবুল দত্তই কয় যে ২০১৫ চনত বাল্য বিবাহৰ দ্বাৰা গৰ্ভধাৰণ কৰা প্ৰসূতিয়ে জন্ম দিয়া ৬২০টা শিশু প্ৰসৱ জনিত কাৰণত, জন্মৰ পাছত ৪০৯৩ শিশুৰ মৃত্যু হোৱাৰ লগতে ৫৬৩১ গৰাকীয়ে মৃত সন্তান প্ৰসৱৰ কৰিছিল।দেশৰ ভিতৰতে অসমতে এনে মৃত্যুৰ সংখ্যা বেছি। অনুষ্ঠানত জিলা পৰিষদৰ সদস্য চিৰাম চন্দ্ৰ দাস, শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ শিশু পৰামৰ্শ দাতা নিতুমণি ডেকাই বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত ভালেকেইগৰাকী স্বাস্থ্য কৰ্মী, অংগণবাদী কৰ্মী, আশা কৰ্মী, ৱাৰ্ড সদস্য, অৱসৰী শিক্ষক অনন্ত দাস, উপ-সভাপতি অজিত দাসো উপস্থিত থাকে। এই সভাতে পঞ্চায়ত পৰ্যায়ত আৰু গাঁও পৰ্যায়ত শিশু সুৰক্ষা সমিতি গঠন কৰা হয়।