দ্বিতীয় মোদী (Modi) চৰকাৰৰ শেষৰ সম্পূৰ্ণ বাজেটত(BUDGET) প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (PMAY) আবণ্টন ৬৬ শতাংশ বৃদ্ধি কৰিলে। আবণ্টন ৭৯ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে। মোদী (Modi) চৰকাৰে ২০১৫ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি (Pradhan Mantri Awas Yojana) আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ লক্ষ্য হৈছে কম খৰচত প্ৰতিজন দৰিদ্ৰ লোকৰ মূৰৰ ওপৰত এখন চালিৰ ব্যৱস্থা কৰা।
কেন্দ্ৰীয় চৰকাৰৰ দাবী, ২০২৪ চনৰ ভিতৰত দেশৰ সকলো দৰিদ্ৰ লোকক পকীঘৰৰ ব্যৱস্থা কৰা হʼব। সেয়েহে এই বৰ্ষৰ বাজেটত এই খণ্ডত আবণ্টন বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে ইতিমধ্যে বিশেষজ্ঞসকলে অৱগত কৰিছিল।
বাজেট (Budget)
হস্তশিল্প, কৰ্মসংস্থাপন আৰু কৃষি উন্নয়নৰ বাবে নতুন প্ৰকল্প
বাজেটৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয়, “২০২২-২৩ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গ্ৰামাঞ্চল আৰু চহৰ দুয়োটাতে ৮০ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছে।”
উল্লেখ্যযোগ্য যে সন্মুখত উত্তৰ প্ৰদেশ (Uttar Pradesh), উত্তৰাখণ্ড (Uttarakhand), পঞ্জাৱ (Punjab), গোৱা (Goa) আৰু মণিপুৰৰ (Manipur) বিধানসভা নিৰ্বাচন আছে। তাৰ আগতে ৰাজনৈতিক বিশ্লেষকসকলে নিশ্চয় এই ঘোষণাই জনসাধাৰণৰ ওপৰত কিমান প্ৰভাৱ পেলায় তাৰ ওপৰত চকু ৰাখিছে।
গৃহ নিৰ্মাণৰ উপৰি ৰেʼলৱেৰ বাবে ২.৪ লাখ কোটিৰো অধিক ধন আবণ্টন দিয়া হৈছে। নিৰ্বাচনমুখী কৰ্ণাটকৰ (Karnataka) জলসিঞ্চন ব্যৱস্থাৰ উন্নতিৰ বাবে নিৰ্মলাই ৫৩০০ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য দিয়াৰ কথা ঘোষণা কৰে।